ETV Bharat / state

ধেমাজি ছাত্ৰ সন্থাৰ বিহু কৰ্মশালাৰ সামৰণি

author img

By

Published : Apr 12, 2021, 7:38 PM IST

ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাৰ সফল সামৰণি ৷ আঠদিনীয়া বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে ৷ এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে বিহু সমাজ্ঞী হিমাশ্ৰী শইকীয়া, ধেমাজিৰ বিহুৱতী পল্লৱী গগৈ, বিহুৱা প্ৰণৱ দিহিঙীয়া, ঢুলীয়া বিহুৱা সতীশ বৰুৱাই ৷

ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ সামৰণি
ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ সামৰণি

ধেমাজি,12 এপ্ৰিল: ৰাজ্যত হেঁপাহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ মহিলাই বিহুৰ পিঠা-পনা বনোৱাৰ লগতে শিপিনীয়ে বিহুৱান বোৱাত ব্যস্ত ৷ ইয়াৰ সমান্তৰালভাৱে ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত আঠদিনীয়া কাৰ্যসূচীৰ বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ দেওবাৰে সফল সামৰণি পৰে । ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা কৰ্মশালাত বিহু সমাজ্ঞী হিমাশ্ৰী শইকীয়া, ধেমাজিৰ বিহুৱতী পল্লৱী গগৈ, বিহুৱা প্ৰণৱ দিহিঙীয়াৰ লগতে সতীশ বৰুৱাই বিহুৰ প্ৰশিক্ষণ দিয়ে ৷

ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ সামৰণি

ৰঙালী বিহুক লৈ আয়োজন কৰা এই কৰ্মশালাত অংশগ্ৰহণ কৰে প্ৰায় তিনি শতাধিক শিশু-কিশোৰী নাচনী, যুৱতী আৰু প্ৰায় এশ শিশু ঢুলীয়াই ৷ উল্লেখ্য যে, দেওবাৰে সামৰণি পৰা কৰ্মশালাত আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিহু প্ৰশিক্ষকসকলক সম্বৰ্ধনা জনায় ৷

আনহাতে, বিহু সমাজ্ঞী হিমাশ্ৰী শইকীয়াই কৰ্মশালাত অংশগ্ৰহণ কৰি আনন্দিত হোৱাৰ লগতে ক’ভিড প্ৰট’কল মানি বিহু পালন কৰিবলৈ আহ্বান জনাই জনপ্ৰিয় বিহুৱতী গৰাকীয়ে ৷

লগতে পঢ়ক: বড়ো সাহিত্য সভাৰ সফল সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.