ETV Bharat / state

Flood in Dhemaji: ধেমাজিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে জীয়াঢলৰ পানী; বানত ডুব গৈছে মুঠ 8891 গৰাকী

author img

By

Published : Jul 29, 2023, 11:28 AM IST

Updated : Jul 29, 2023, 12:22 PM IST

Flood in Dhemaji
ধেমাজিত অব্যাহত আছে জীয়াঢলৰ কাংকু সুঁতিৰ তাণ্ডৱ

ধেমাজি জিলাৰ চাৰিওফালে এতিয়া মাথোঁ পানী আৰু পানী ৷ জীয়াঢল চাৰিআলিৰ পৰা ন আলি ভজু গাঁৱলৈকে আজিও বাগৰিয়ে আছে পানী ৷ ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, ধেমাজিৰ বানত ডুব গৈছে মুঠ 8891 গৰাকী বন্যাৰ্ত ৷ লগতে ক্ষতি সাধন হৈছে বহু হেক্টৰ কৃষিভূমিৰ ৷

ধেমাজিৰ অধিকাংশ অঞ্চল আজিও পানীৰ তলত

ধেমাজি, 29 জুলাই : বানেধোৱা ধেমাজিৰ অধিকাংশ অঞ্চল আজিও পানীৰ তলত ৷ ধেমাজিত অব্যাহত আছে জীয়াঢলৰ কাংকু সুঁতিৰ তাণ্ডৱ ৷ ঘৰৰ ভিতৰত পানী শুকাইছে যদিও চোতাল-বাৰী সকলোতে কেৱল পানী মাথোঁ পানী ৷

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, জীয়াঢল চাৰি আলিৰ পৰা ন আলি ভজু গাঁৱলৈকে প্ৰায় এক কিলোমিটাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে আজিও বাগৰিয়ে আছে পানী ৷ পানী বাগৰা ঘাইপথেৰে গধুৰ যান-বাহন চলাচল অব্যাহত আছে ৷ অৱশ্যে বাতৰি যুগুত কৰা পৰলৈকে লঘু যান-বাহনসমূহ বিকল্প পথেৰে যোৱা নিৰ্দেশ বাহাল আছে ৷

Flood in Dhemaji
ধেমাজিত অব্যাহত আছে জীয়াঢলৰ কাংকু সুঁতিৰ তাণ্ডৱ

ইপিনে বানৰ কবলত পৰি হাহাঁকাৰ কৰিবলগীয়া হৈছে জীয়াঢল চাৰিআলিৰ সমীপৰ ন আলি ভজু গাঁওবাসী ৷ খবৰ লোৱা নাই জনপ্ৰতিনিধি আৰু প্ৰশাসনৰ লোকে ৷ মাত্ৰ কেইপদমান বান সাহাৰ্য দিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে বন্যাৰ্তই ৷

লগতে পঢ়ক : Flood affected people in Dhemaji: জীয়াঢলৰ বাঢ়নী পানীয়ে দুৰ্বিষহ কৰি তুলিছে ধেমাজিবাসীৰ জীৱন

উল্লেখ্য যে, শুকুৰবাৰলৈকে চৰকাৰীভাৱে প্ৰকাশ কৰা তথ্য মতে, ধেমাজি ৰাজহ চক্ৰৰ কেবাখনো গাঁও ক্ৰমে চেঙেলী পথাৰ, দিহিঙীয়া ব্লক, চাংমাই দলনি, দিহিৰি চাপৰি, ন আলি ভজু গাঁও আদি পানীৰ তলত বুৰ গৈছে ৷ সেইদৰে জোনাই ৰাজহ চক্ৰত 12 খন, চিচিবৰগাঁও ৰাজহ চক্ৰত 12 খনসহ মুঠ 28 খন আৰু তিনিটা ৰাজহ চক্ৰত মুঠ 8891 গৰাকী লোক বানত আক্ৰান্ত হৈছে ৷ তথ্য অনুসৰি, 176 02 হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে ৷

Flood in Dhemaji
কেৱল পানী মাথোঁ পানী

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, এই বাঢ়নী পানীৰ ফলত ন আলি ভজু গাঁৱৰ বহুলোকৰ ঘৰৰ ভিতৰত সোমাইছে পানী ৷ যাৰ ফলত খোৱাপানীৰ পৰা আদি কৰি খাদ্যৰো নাটনি হৈছে ৷ ইফালে পশুধনৰো বিলাই বিপত্তি হৈছে ৷

লগতে পঢ়ক : Flood effect in Assam : ধেমাজিত কমা নাই বান, জিলা প্ৰশাসনৰ পথ নিৰ্দেশনা জাৰি

Last Updated :Jul 29, 2023, 12:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.