ETV Bharat / state

কৰিমগঞ্জ আৰু জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Dec 4, 2019, 6:17 PM IST

কৰিমগঞ্জৰ 8 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু লোয়াইৰপোৱা উন্নয়নখণ্ড কাৰ্য্যালয়ৰ সম্মুখত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । দুটাকৈ দুৰ্ঘটনাত তিনিজন লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাজনো লোক । আনহাতে ধেমাজি জিলাৰ জোনাইতো বুধবাৰে পুৱাই সংঘটিত হয় পথ দুৰ্ঘটনা ৷ নিহত হয় অৰুণাচল অয়ানস্থিত মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী য়ানুং পাৱ ৷

DANGEROUS ROAD ACCIDENT
ভয়ংকৰ পথ দুৰ্ঘটনা

কৰিমগঞ্জ আৰু জোনাই , 4 ডিচেম্বৰঃ কৰিমগঞ্জৰ 8 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু লোয়াইৰপোৱা উন্নয়নখণ্ড কাৰ্য্যালয়ৰ সম্মুখত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । দুটাকৈ দুৰ্ঘটনাত তিনিজন লোক নিহত হোৱাৰ লগতে আহত হয় কেইবাজনো লোক । প্ৰথমটো দুৰ্ঘটনা ছলগইৰ এঘাৰ নম্বৰ এলেকাত সংঘটিত হয় । TR 05 B 1903 নম্বৰৰ পাঁচলি কঢ়িওৱা এখন ট্ৰাকে আন এখন ট্ৰাকত খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হয় । থিতাতে নিহত হয় পাঁচলি কঢ়িওৱা ট্ৰাকৰ হেণ্ডিমেন ছামছাউদ্দিন । গুৰুত্বৰ ভাৱে আহত হয় চালক আছাদুৰ ৰহমান আৰু মালিক আজিজউদ্দিন । সংকটজনক অৱস্থাত দুয়োজনক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু দুৰ্ঘটনাগ্ৰস্ত লোককেইজনৰ ঘৰ ত্ৰিপুৰাত বুলি জানিব পৰা গৈছে ।

ভয়ংকৰ পথ দুৰ্ঘটনা

দ্বিতীয়টো দুৰ্ঘটনা সংঘটিত হয় লোয়াইৰপোৱা উন্নয়নখণ্ড কাৰ্য্যালয়ৰ সম্মুখত । ট্ৰাক আৰু অটোৰিক্সাৰ মুখামুখি সংঘৰ্ষত সংঘটিত হয় দুৰ্ঘটনা । থিতাতে নিহত অটোচালক আব্দুল মতিন আৰু যাত্ৰী ৰায়াত আলি । অটোৰিক্সাৰ চাৰিজন যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকৰ নম্বৰ NL 01 Q 7934 আৰু অটো ৰিক্সাৰ নম্বৰ AS 10 C 2884

ভয়ংকৰ পথ দুৰ্ঘটনা

আনহাতে ধেমাজি জিলাৰ জোনাইতো বুধবাৰে পুৱাই সংঘটিত হয় পথ দুৰ্ঘটনা ৷ নিহত হয় অৰুণাচল অয়ানস্থিত মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী য়ানুং পাৱ ৷ পুৰণা জেলমৰ আনচিং গাঁৱৰ নিবাসী অতুল পাৱৰ কন্যা য়ানুং পাৱ ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি অৰুণাচল ৰয়িঙৰ পৰা ইটানগৰলৈ যোৱা পথত এ আৰ ১৬-৪১৮২ নম্বৰৰ এখন মাৰুতি গাড়ীয়ে মহতিয়াই নিয়ে ছাত্ৰীগৰাকীক ৷ উল্লেখ্য যে, পুৱা 7 বজাত বিদ্যালয়লৈ গৈ আছিল ছাত্ৰী গৰাকী ৷ থিতাতে নিহত হয় য়ানুং পাৱ ৷ ইফালে ঘটনা সংঘটিত কৰা মাৰুতি কাৰখন ঘাইপথৰ পৰা বহু তলত বাগৰি পৰে আৰু গাড়ীৰ চালক ডেভিদ টায়েঙ আৰু তেওঁৰ পত্নী গুৰুতৰ ভাৱে আহত হয় ৷ হঠাৎ টোপনিয়ে চানি ধৰাত এনে দুৰ্ঘটনা সংঘটিত হোৱা বুলি ডেবিদ টায়েঙে নিজ মুখেৰে ব্যক্ত কৰে ৷ ইফালে সপ্তম শ্ৰেণীৰ ছাত্ৰী য়ানুং পাৱৰ অকাল মৃত্যুত পৰিয়ালটোৰ লগতে অঞ্চলটোত শোঁকৰ ছাঁ পৰিছে ৷

আৰু পঢ়ক : বঙাইগাঁৱত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত এজন

Intro:Body:SLUG. DANGEROUS ROAD ACCIDENT.THREE DEATH.

কৰিমগঞ্জ আৰু পাথাৰকান্দি,4 ডিচেম্বৰ।

কৰিমগঞ্জত আট নং অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ।
দুটা পৃথক দুৰ্ঘটনাত নিহত তিনিজন আহত কেবাজনো লোক ।
প্ৰথম দুৰ্ঘটনা ছলগই এঘাৰ নম্বৰ এলেকাত ।
TR 05 B 1903 নম্বৰৰ পাচলি কঢ়িওৱা ট্ৰাকে গৈ খুন্দা মাৰে আন এখন ট্ৰাকত ।
পাচলি কঢ়িওৱা ট্ৰাকৰ হেন্ডিমেন ছামছা উদ্দিন থিতাতে নিহত ।
চালক আছাদুৰ ৰহমান আৰু মালিক আজিজ উদ্দিন গুৰুত্বৰ আহত ।
সংকটজনক অৱস্থাত দুৱোজনক শিলচৰ মেডিকেল কলেজ হস্পিটালত প্ৰেৰন কৰা হৈছে ।
এই ঘঠনাৰ সকলো লোকৰ ঘৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ।
দ্বিতীয় দুৰ্ঘটনা লোয়াইৰপোৱা উন্নয়ন খন্ডৰ কাৰ্য্যালয়ৰ সম্মুখত সংঘটিত হৈছে ।
ট্ৰাক আৰু অটো ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ ।
ঘঠনাত থিতাতে নিহত হৈছে অটো চালক আব্দুল মতিন আৰু যাত্ৰী ৰায়াত আলি ।
অটো ৰিক্সাৰ আৰু চাৰিজন যাত্ৰীৰ অবস্থা সংকটজনক ।
সংঘৰ্ষৰ সম্মুখীন হোৱা ট্ৰাকৰ নম্বৰ হৈছে NL 01 Q 7934
অটো ৰিক্সাৰ নম্বৰ হৈছে AS 10 C 2884
এই ঘঠনাত নিহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা ।

Asc10028&7204408Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.