ETV Bharat / state

জোনাইত আলোকৰ সন্ধানত কণ কণ শিশুৰ বিপদ সংকুল যাত্ৰা

author img

By

Published : Sep 7, 2022, 2:04 PM IST

No bridge on Sile River in Dhemaji
জোনাইত আলোকৰ সন্ধানত কণ কণ শিশুৰ বিপদ সংকুল যাত্ৰা

জোনাইত কণ কণ শিশুৱে আলোকৰ সন্ধানত প্ৰায় এশ ফুট দৈৰ্ঘ্য আৰু ৫০ ফুট উচ্চাতাৰ এখন বাঁহৰ ওলমা দলঙেৰে দৈনিক অহা-যোৱা কৰিছে(No bridge on Sile River in Dhemaji)। বিগত কেইবাবছৰে বিধ্বস্ত বাঁহৰ দলঙৰে যাতায়ত অব্যাহত কৰিছে গাঁওখনৰ ৰাইজে । সেয়েহে ক্ষুব্ধ ৰাইজে লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে ।

জোনাই,৭ ছেপ্টেম্বৰ: ডিজিটেল ইণ্ডিয়াৰ যুগটো ৰাজ্যত পৰিস্ফুট হৈছে উন্নয়নৰ ফোঁপোলা স্বৰূপ । এই ফোঁপোলা স্বৰূপ এইবাৰ প্ৰতিফলিত হৈছে ধেমাজি জিলাৰ জোনাইৰ নাহৰ জেলম গাঁৱত । বিগত কেইবাবছৰে বিধ্বস্ত বাঁহৰ দলঙৰে যাতায়ত(dilapidated bamboo bridge in Jonai)অব্যাহত কৰিছে গাঁওখনৰ ৰাইজে ।

এই গাঁওখনৰ ৰাইজে উৱলি যোৱা বাঁহৰ দলঙেৰে অহা-যোৱা কৰিছে । আনকি গাঁওখনৰ কণ কণ ছাত্ৰ ছাত্ৰীয়ে এতিয়া এইখন বাঁহৰ দলঙেৰে অহা-যোৱা কৰিবলৈ বাধ্য় হৈছে । তদুপৰি ৰোগীক নিবলৈ নাহে এম্বুলেন্স । জোনাইৰ নাহৰ জেলম গাঁওখনৰ ৰাইজে চিলে নদীৰ ওপৰত নিৰ্মিত এখন বাঁহৰ ওলমা দলঙেৰে বছৰ বছৰ ধৰি বিপদসংকুল ভাৱে যাতায়ত কৰিছে । এই দৃশ্য দেখিলে আপোনাৰো হয়তো গাৰ নোম শিয়ৰী উঠিব ।

কণ কণ শিশুৱে আলোকৰ সন্ধানত প্ৰায় এশ ফুট দৈৰ্ঘ্য আৰু ৫০ ফুট উচ্চাতাৰ এখন বাঁহৰ ওলমা দলঙেৰে দৈনিক অহা-যোৱা কৰিছে । যিকোনো মূহুৰ্ত্ততএই এই ওলমা বাঁহৰ দলংখন ভাঙি এক ভয়ানক পৰিস্থিতি হোৱাৰ আংশকা কৰিছে ৰাইজে।জানিব পৰা মতে এই দলঙৰ পৰা পৰি গাঁৱৰ তিনিজন লোকৰ মৃত্যু হৈছে ।

চৰকাৰক বহু আবেদন নিবেদন কৰিছে গাঁৱবাসীয়ে । কিন্তু চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ভোক্তভোগী ৰাইজে । নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ পালন কৰিবলৈ সময় নাই জনপ্ৰতিনিধি কিম্বা প্ৰশাসনৰ । এখন পকী দলঙৰ ভাৱেই জীয়তু ভোগা ৰাইজে এইবাৰ লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে ।

জোনাইত আলোকৰ সন্ধানত কণ কণ শিশুৰ বিপদ সংকুল যাত্ৰা

ইপিনে,ধেমাজি জিলাৰ জোনাইত ভদীয়া বানৰ তাণ্ডৱ আৰম্ভ হৈছে । জোনাইৰ শিৱগুৰিত অবর্ণনীয় বান পৰিস্থিতি । কেউপিনে মাথোঁ পানী আৰু পানী(Flood in Jonai Dhemaji)। শিৱগুৰি গাঁৱৰ অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-বাৰী সম্পূৰ্ণৰূপে বুৰ গৈ আছে পানীৰ তলত । যোৱা প্ৰায় চাৰিদিনে বানপানীৰ কবলত পৰি সম্পূৰ্ণৰূপে জলবন্দী হৈ আছে শিৱগুৰিৰ অৰ্ধশতাধিক পৰিয়াল । খাদ্য,বিশুদ্ধ খোৱাপানী আদিৰ সংকটত ভুগি হাহাকাৰৰ সৃষ্টি হৈছে বানাক্ৰান্ত ৰাইজৰ মাজত(flood affected people lack of drinking water)।

অকল মানুহেই নহয়,পশুধনৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । যোৱা ৩-৪ দিনে দি থকা নেৰানেপেৰা বৰষুণৰ ফলত চিয়াং নদীৰ বাঢ়নি পানীয়ে সম্পূৰ্ণৰূপে বুৰাই পেলাইছে জোনাই ৰাজহ চক্র তথা চিলে পঞ্চায়তৰ অন্তৰ্গত শিৱগুৰি ।

লগতে পঢ়ক:ভৰা কপিলীৰ বুকুৰে বিপদ সংকুল যাত্ৰা ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.