ETV Bharat / state

জোনাইত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত দুৰ্নীতিৰ অভিযোগ

author img

By

Published : May 21, 2021, 6:00 PM IST

corruption-regarding-construction-of-pradhanmantri-gram-charak-yojna-jonai
জোনাইত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মানত দুৰ্নীতি

জোনাইত এজাক বৰষুণতে খহি পৰিল চাইড বাম ৷ অকলেণ্ড মাছোৱা কেম্পৰ পৰা মাজগাঁও কছাৰী কোটিটকীয়া পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ ৷ তদন্তৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷

জোনাই,২১ মে': প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত জোনাই মহকুমাৰ অকলেণ্ড মাছোৱা কেম্পৰ পৰা মাজগাঁও কছাৰীলৈ যোৱা প্ৰায় ১ কিল’মিটাৰ দৈৰ্ঘৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনষ্ঠ পথটিৰ নিৰ্মাণকাৰ্য নিম্নমানৰ হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ মাটিৰ পৰিবৰ্তে পথটি বালিৰে নিৰ্মাণ কৰাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ পথটোৰ নির্মাণকাৰ্য সম্পূর্ণ নৌহওঁতেই এফালৰ পৰা ব্লেক টেপিংবোৰ বখলা-বখলকৈ এৰি গৈছে ৷ ধেমাজি জিলা আৰু জোনাই আঞ্চলিকৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধিৰ দলে গুৰুত্বপূর্ণ পথচোৱা পৰিদর্শন কৰে ৷ এজাক বৰষুণতে পথটোৰ চাইড বামসমূহ খহি পৰা পৰিলক্ষিত হয় ৷

জোনাইত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত দুৰ্নীতিৰ অভিযোগ

তাৰোপৰি প্ৰত্যেক বাৰিষাত তাণ্ডৱ সৃষ্টি কৰি অহা নদীখনৰ একে লেবেলত পথটো নিৰ্মাণ কৰাক লৈ স্থানীয় নৈপৰীয়া ৰাইজ চিন্তিত হৈ পৰিছে ৷ উল্লেখ্য যে, বিষয় সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰি উচিত তদন্ত কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক: অখিলক কৰা দুৰ্ব্যৱহাৰত তীব্ৰ প্ৰতিক্ৰিয়া ভাস্কো ডি শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.