ETV Bharat / state

নামমাত্ৰ পথ মেৰামতিৰে চৰকাৰী ধন আত্মসাতৰ অভিযোগ

author img

By

Published : Aug 11, 2021, 7:38 AM IST

corruption in road construction at jonai
জোনাইত পথ নিৰ্মাণত দুৰ্নীতি

চৰকাৰী ধন আত্মসাৎ কৰাতো এতিয়া একাংশ কৰ্মচাৰীৰ বাবে সহজে ধন ঘটাৰ আহিলাত পৰিণত হৈছে ৷ সেয়ে ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলত ইখনৰ পিছত চৰকাৰী আঁচনিত ধন আত্মসাৎ কৰাৰ বাতৰিয়ে মাজে-সময়ে সংবাদ শীৰ্ষত অৱস্থান কৰে ৷ যাৰ ফলত প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে আন একাংশইহে লাভ কৰে সকলো সুবিধা ৷

জোনাই, 11 আগষ্ট : ৰাজ্যত এতিয়া শৰাধ বৈছে চৰকাৰী ধনৰ ৷ ৰাজ্য চৰকাৰে জন সাধাৰণৰ বাবে মুকলি কৰি গৈছে ইখনৰ পিছত সিখনকৈ চৰকাৰী আঁচনি ৷ কিন্তু সকলোবোৰ কথা জুকিয়াই চালে দেখা যায়, ৰাজ্যৰ অধিকাংশ হিতাধিকাৰীয়েই লাভ কৰা নাই বহু চৰকাৰী সা-সুবিধা ৷ একাংশ চৰকাৰী কৰ্মচাৰীৰ হেমাহিৰ বাবে এনে ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে ৷

জোনাইত পথ নিৰ্মাণত দুৰ্নীতি

শেহতীয়াকৈ জোনাইত এমজিএনৰেগা(MGNREGA) আঁচনিৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ৷ জোনাইৰ কেমি জেলেম পঞ্চায়তৰ অন্তৰ্গত 3 নং মুৰ্কংচেলেঙৰ পৰা ৰে’লৱে ৰানিং ৰুমলৈ অহা-যোৱা কৰা পথচোৱা নিৰ্মাণত এই দুৰ্নীতি(Corruption) সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

এমজিএনৰেগা আঁচনিৰ অধীনত এই পথচোৱাত 7 লাখ 50 হাজাৰ টকা ব্যয়ৰে মেৰামতিৰ কাম চলি আছে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, 20-30 টেক্টৰ মাটি পেলায়েই পথৰ মেৰামতিৰ কাম সামৰে ঠিকাদাৰে ৷ যাৰ ফলস্বৰূপে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথচাৰীয়ে ৷

লগতে পঢ়ক : দুবছৰে সম্পূৰ্ণ নহ’ল চাৰি কিলোমিটাৰ পথ নিৰ্মাণৰ কাম: অযুহাত ক’ভিড

উক্ত পথচোৱা উন্নয়নৰ নামত অহা এমজিএনৰেগা আঁচনিৰ ধন আত্মসাৎ কাৰ্যত পঞ্চায়ত প্ৰতিনিধি আৰু কৰ্মচাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ এই আঁচনিত ব্যৱহৃত জবকাৰ্ডৰ ধন বলপূৰ্বকভাৱে উলিয়াবলৈ দি পঞ্চায়ত কৰ্মচাৰীয়ে সংগ্ৰহ কৰা বুলি হিতাধিকাৰীসকলে জানিবলৈ দিয়ে ৷

নিৰ্বাচনৰ পূৰ্বে প্ৰতিবছৰে অঞ্চলটোত উপস্থিত হৈ পথচোৱা নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে জনপ্ৰতিনিধিয়ে ৷ নিৰ্বাচনৰ পাচত পথচোৱাৰ কাম আৰম্ভ কৰে ঠিকেই, সেই কামৰ তদৰক কৰিবলৈ অঞ্চলটোলৈ আৰু নাহে মন্ত্ৰী-বিধায়ক ৷ ইয়াৰ ফলস্বৰূপে নিৰ্মাণকাৰ্য আধৰুৱা হৈয়ে ৰয় পথচোৱাৰ ৷ পথ নিৰ্মাণত সংঘটিত এনে দুৰ্নীতিৰ বিৰুদ্ধে তদাৰক কৰি শীঘ্ৰে পথচোৱা উন্নত মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণৰ বাবে চৰকাৰক আহ্বান জনাইছে অঞ্চলটোৰ স্থানী ৰাইজে ৷

লগতে পঢ়ক : ধনৰ লোভত পৰি নিলম্বন হ’ল 7 গৰাকী বিদ্যুৎ বিভাগৰ কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.