ETV Bharat / state

এবছৰে নিৰ্মাণ সম্পূৰ্ণ নহ'ল জল জীৱন আঁচনিৰ গৃহ

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 2:09 PM IST

Corruption in Jal Jeevan Mission in Jonai
এবছৰে নিৰ্মাণ সম্পূৰ্ণ নহ'ল জল জীৱন আঁচনিৰ গৃহ

জল জীৱন আঁচনিৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে ব্যাপক দুৰ্নীতি । ধেমাজি জিলাৰ জোনাইতো জল জীৱন আঁচনিৰ নামত চলিছে প্ৰহসন । এবছৰে সম্পূৰ্ণ নহ'ল নিৰ্মীয়মাণ জল জীৱন মিছন আঁচনিৰ গৃহ । নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই দেৱালত মেলিছে ফাঁট ।

এবছৰে নিৰ্মাণ সম্পূৰ্ণ নহ'ল জল জীৱন আঁচনিৰ গৃহ

জোনাই,২৭ ডিচেম্বৰ: জল জীৱন আঁচনিৰ নামত ধেমাজি জিলাৰ জোনাইত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি-অনিয়ম । বগাহাতীলৈ ৰূপান্তৰ হৈছে পানী যোগান আঁচনি । জোনাই মহকুমা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জোনাইৰ সীমান্তৱৰ্তী শিৱগুৰি গাঁৱৰ ৫৬ টা পৰিয়ালক খোৱাপানী যোগানৰ বাবে নিৰ্মীয়মান জল জীৱন মিছন আঁচনি আজি প্ৰায় এবছৰে পৰি ৰৈছে অৰ্ধনিৰ্মিত অৱস্থাত ।

ইয়াৰ বিপৰীতে ঠিকাদাৰে চৰম গাফিলতিৰে অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাত নিৰ্মাণৰ কাম শেষ নহওঁতেই ফাট মেলা দেখা গৈছে পানী যোগান আঁচনিখনৰ বহু ঠাইত ৷ ইফালে ঠিকাদাৰে আঁচনিৰ সিংহভাগ ধন উলিয়াই নিয়াৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ শিৱগুৰি গাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া অজিত চাৰহই সাংবাদিকক জনোৱা অনুসৰি শিৱগুৰি গাঁৱৰ জলজীৱন মিছনৰ পানী যোগান প্ৰকল্পৰ ভূগৰ্ভৰ পানী উত্তোলনৰ পাইপ প্রায় ১২০ ফুট গভীৰলৈ বহুৱাব লাগে যদিও ঠিকাদাৰে মাত্র ৪৫ ফুট গভীৰলৈকেহে পাইপ বহুওৱাত ওলাইছে আইৰনযুক্ত পানী ৷

তদুপৰি ঠিকাদাৰে প্রকল্পটোৰ পৰা ঘৰে ঘৰে পানী যোগান ধৰিবলৈ বৰ্তমানলৈ স্থাপন কৰা নাই এডালো পানী যোৱা পাইপ ৷ এনেদৰে ঠিকাদাৰৰ গাফিলতিত প্ৰায় এবছৰে জল জীৱন মিছনৰ প্ৰায় ৬৮ লাখ টকীয়া পানী যোগান কেন্দ্ৰটোৰ নিৰ্মাণ কাম সম্পূর্ণ নোহোৱাত বান বিধ্বস্ত তথা সীমান্তৱর্তী শিৱগুৰি গাঁৱৰ ৰাইজে বঞ্চিত হ'বলগা হৈছে বিশুদ্ধ খোৱাপানীৰ পৰা ।

সেয়ে জলজীৱন মিছনৰ কেইবা লাখটকীয়া শিৱগুৰি পানী যোগান প্ৰকল্পৰ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত হোৱা দুর্নীতি-অনিয়মৰ বিৰুদ্ধে ঠিকাদাৰ, বিভাগীয় বিষয়া-অভিযন্তাৰ ওপৰত উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্রহণ কৰাৰ লগতে কেন্দ্ৰটোৰ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: আবতৰীয়া বান! কৃত্ৰিম বানৰ কবলত শিলচৰৰ এখন চৰকাৰী বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.