ETV Bharat / state

আবতৰীয়া বান! কৃত্ৰিম বানৰ কবলত শিলচৰৰ এখন চৰকাৰী বিদ্যালয়

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 11:57 AM IST

Etv Bharatartificial flood in Silchar
Etv Bharatকৃত্ৰিম বানৰ কবলত শিলচৰৰ এখন চৰকাৰী বিদ্যালয়

কৃত্ৰিম বানপানীৰ কৱলত শিলচৰৰ এখন চৰকাৰী বিদ্যালয় । যোৱা 20 দিন ধৰি বিদ্যালয়খন জলমগ্ন হৈ থকাৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ আছে বিদ্যালখন ৷ ইয়াৰ পিচতো কাণসাৰ নাই কাছাৰ জিলা প্ৰশাসনৰ লগতে শিক্ষা বিভাগৰ (artificial flood in Silchar) ৷

কৃত্ৰিম বানৰ কবলত শিলচৰৰ এখন চৰকাৰী বিদ্যালয়

শিলচৰ, 27 ডিচেম্বৰ : কাছাৰত আবতৰীয়া বানত ককবকাইছে ৰাইজ ৷ কৃত্ৰিম বানত ডুব গৈছে শিলচৰৰ এখন চৰকাৰী বিদ্যালয় । শিলচৰ চহৰৰ কাষতে থকা কঁঠালৰোডৰ হাজী খুদেজা চৌধুৰী প্ৰাথমিক বিদ্যালয় কৃত্ৰিম বানত ডুব যোৱাৰ বাবে বিগত 20 দিন ধৰি সম্পূৰ্ণৰূপে বন্ধ হৈ আছে বিদ্যালয়খন । ফলত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আছে অঞ্চলটোৰ শ শ শিক্ষাৰ্থী ।

দৰাচলতে বিদ্যালয়খনৰ সম্মুখভাগত আছে এটা নলা । আৰু এই নলাটোৰ বাবেই পানীত ডুব গৈছে বিদ্যালয়খন ৷ স্থানীয় লোক তথা অভিভাৱক সকলে জানিবলৈ দিয়া মতে, কঁঠাল ৰোডৰ পথৰ কাষতে থকা চৰকাৰী ভূমিসমূহ একাংশ লোকে বেদখল কৰি ৰাখিছে । ফলত অঞ্চলটোৰ পৰা পানী ওলাই যোৱাৰ একমাত্ৰ যিটো নলা আছিল সেইটো এতিয়া বন্ধ হৈ পৰিছে । নলাটোৰ পানী ওলাই যোৱাৰ কোনো বিকল্প পথ নাই । যাৰবাবে নলাৰ পানী জমা হৈ ডুব গৈছে প্ৰাথমিক বিদ্যালয়খন ৷

ইয়াৰ পিচতে বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়খনৰ এই দুৰাৱস্থাৰ সন্দৰ্ভত শিক্ষা বিভাগ তথা কাছাৰ জিলা প্ৰশাসনক অৱগত কৰি আহিছে যদিও এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই প্ৰশাসনে । সেয়েহে এতিয়া স্থানীয় ৰাইজসহ অভিভাৱকে তীব্ৰ ক্ষোভ উজাৰে ৷ এনেদৰে থাকিবলৈ হ’লে শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎ অন্ধকাৰত ডুব যাব বুলি অভিভাৱকসকল চিন্তিত হয় ৷

লক্ষণীয় যে, শিক্ষা বিভাগৰ আমূল পৰিবৰ্তন হোৱা বুলি দাবী কৰা শিক্ষা বিভাগে এখন চৰকাৰী বিদ্যালয় যোৱা 20 দিন ধৰি বন্ধ হৈ থকাৰ পিচতো কিয় কোনো পদক্ষেপ লোৱা নাই বুলি স্থানীয় লোকসকলে উভতি ধৰে ৷ এয়াই নেকি শিক্ষা বিভাগৰ আমূল পৰিৱৰ্তন? শীঘ্ৰেই ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’লে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে অঞ্চলটোৰ ৰাইজসহ অভিভাৱকসকলে ।

লগতে পঢ়ক: প্ৰাক্তন আলফা নেতা জিতু তালুকদাৰক আটক, চাৰিদিন ধৰি সোধাপোছা অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.