ETV Bharat / state

ভাৰত-বাংলা সীমান্তত অব্যাহত গৰুৰ চোৰাং সৰবৰাহ

author img

By

Published : Jul 4, 2019, 6:30 PM IST

দেশৰ প্ৰতি এতিয়া চৰম ভাবুকি কঢ়িয়াই আনিছে গৰুৰ চোৰাং বেহাই ৷ কিয়নো সীমান্তৰে অবৈধ ভাৱে গৰুৰ চোৰাং বেহা চলি থকাৰ সমান্তৰালকৈ মাৰাত্মক ড্ৰাগছ আৰু অস্ত্ৰ-শস্ত্ৰও সৰবৰাহ হোৱাৰ আশংকা কৰিছে সচেতন ৰাইজে ৷

ভাৰত-বাংলা সীমান্তত অব্যাহত চোৰাং গৰু সৰবৰাহ

ধুবুৰী,4 জুন: অসম তথা পশ্চিম বংগৰ বিভিন্ন উন্মুক্ত সীমান্তৰে দীৰ্ঘ দিনৰে পৰা চলি আহিছে অবৈধ গৰুৰ চোৰাং কাৰবাৰ ৷ উন্মুক্ত নদী আৰু স্থল সীমান্তৰে প্ৰতি দিনে নিশা জাক জাক চোৰাং গৰু বাংলাদেশলৈ চালান হৈ আহিছে। পশুধনৰ এনে চোৰাং কাৰবাৰ ৰোধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়া ভাৱে ধুবুৰীৰ ভাৰত বাংলা সীমান্তত স্মাৰ্ট ফেন্সিঙৰ ব্যৱস্থা কৰা হৈছে। কিন্তু সীমান্তৰ তেনে স্মাৰ্ট ফেন্সিঙৰ ব্যৱস্থাপনাক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই গৰুৰ চোৰাং বেপাৰী সকলে নিত্য নতুন কৌশল অৱলম্বন কৰি অব্যাহত ৰাখিছে বাংলাদেশলৈ গৰুৰ চোৰাং চালান।

ভাৰত-বাংলা সীমান্তত অব্যাহত চোৰাং গৰু সৰবৰাহ

এবছৰ পূৰ্বে ধুবুৰীৰ গোলকগঞ্জৰ ৰণপাগলী অঞ্চলেৰে কল গছৰ ভূৰৰ সৈতে গৰু বান্ধি বাংলাদেশলৈ গৰুৰ চোৰাং চালান দিয়াৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছতেই পুনৰ অনুৰূপ এটা ভাইৰেল ভিডিঅ'ই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই দৃশ্য অসমৰ নে পশ্চিম বংগ সীমান্তৰ সেই বিষয়ে এতিয়ালৈ নিশ্চিত তথ্য লাভ কৰা হোৱা নাই যদিও এই অমানৱীয় দৃশ্য ভাৰত বাংলা সীমান্তৰ হোৱাটো নিশ্চিত ৷ সীমান্ত সুৰক্ষা বাহিনীয়ে এই চোৰাং গৰুসমূহ উদ্ধাৰ কৰাৰ পিছতহে পোহৰলৈ আহে গৰুৰ চোৰাং বেপাৰৰ ভয়াৱহ ছবি ৷

আনহাতে ইপিনে সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ উপৰিও চেকেণ্ড লাইন ডিফেন্সকে ধৰি তিনি খলপীয়া নিৰাপত্তা ব্যৱস্থা থকা সত্বেও আজিলৈকে এই চোৰাং কাৰবাৰ বন্ধ কৰিব নোৱাৰা ঘটনাই সম্প্ৰতি সচেতন মহলৰ মাজত সমালোচনাৰ সৃষ্টি হৈছে ৷ আনকি গৰুৰ চোৰাং কাৰবাৰৰ লগতে মাৰাত্মক ড্ৰাগছ আৰু উগ্ৰপন্থীৰ দ্বাৰা অস্ত্ৰ শস্ত্ৰ সৰবৰাহ হ'ব পাৰে বুলিও সন্দেহ কৰাৰ বিপৰীতে দেশৰ প্ৰতিও এক চৰম ভাবুকি অহা বুলি আশংকা ব্যক্ত কৰিছে সচেতন ৰাইজে ৷

আনহাতে বাংলাদেশলৈ গৰু ৰপ্তানী কৰাটো লাভদায়ক হ'লে এয়া বৈধভাৱে ৰপ্তানী কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে। কাৰণ এই চোৰাং কাৰবাৰৰ ফলত কেৱল বাংলাদেশে লাভবান হোৱাৰ বিপৰীতে ভাৰতে লোকচানৰ সন্মুখীন হৈছে। যদিও এয়া সম্পূৰ্ণ বৈধভাৱে ৰপ্তানী কৰা হ'লে ভাৰত চৰকাৰে বহু টকাৰ বিদেশী বিনিয়োগ লাভ কৰাটো নিশ্চিত বুলি উল্লেখ কৰে ৰাইজে ৷

Intro: দেশৰ প্ৰতি ভাবুকি মাতিছে গৰুৰ চোৰাং বেহাই। এয়া আমাৰ কথা নহয় সাধাৰণ ৰাইজে বর্তমান অনুমান কৰিছে এই কথা। সীমান্তৰে অবৈধ ভাৱে গৰুৰ চোৰাং বেহা চলি থকাৰ সমান্তৰালকৈ মাৰাত্মক ড্ৰাগছ আৰু অস্ত্ৰ শস্ত্ৰও সৰবৰাহ হোৱাৰ আশংকা কৰিছে সচেতন ৰাইজে।




Body:
হয়, অসম তথা পশ্চিম বংগৰ বিভিন্ন উন্মুক্ত সীমান্তৰে দীৰ্ঘ দিনৰে পৰা চলি আহিছে অবৈধ গৰুৰ চোৰাং কাৰবাৰ। উন্মুক্ত নদী আৰু স্থল সীমান্তৰে প্ৰতি দিনে নিশাই জাক জাক চোৰাং গৰু বাংলাদেশলৈ চালান হৈ আহিছে। পশুধনৰ এনে চোৰাং কাৰবাৰ ৰোধ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়া ভাবে ধুবুৰীৰ ভাৰত বাংলা সীমান্তত স্মাৰ্ট ফেনচিঙৰ ব্যৱস্থা কৰা হৈছে। কিন্তু সীমান্তৰ তেনে স্মাৰ্ট ফেনচিঙৰ ব্যৱস্থাপনাক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই গৰুৰ চোৰাং বেপাৰী সকলে নিত্য নতুন কৌশল অৱলম্বন কৰি অব্যাহত ৰাখিছে বাংলাদেশলৈ গৰুৰ চোৰাং চালান।
এবছৰ পূৰ্বে ধুবুৰীৰ গোলকগঞ্জৰ ৰণপাগলী অঞ্চলেৰে কল গছৰ ভূৰৰ সৈতে গৰু বান্ধি বাংলাদেশলৈ গৰুৰ চোৰাং চালান দিয়াৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। তাৰ পিছত পুনৰ অনুৰূপ এটা ভাইৰেল ভিডিওই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই দৃশ্য অসমৰ নে পশ্চিম বংগ সীমান্তৰ সেই বিষয়ে এতিয়ালৈ নিশ্চিত তথ্য লাভ কৰা হোৱা নাই যদিওঁ এই আমানৱীয় দৃশ্য ভাৰত বাংলা সীমান্তৰ হোৱাটো নিশ্চিত আৰু ভাৰতৰ পৰা বাংলাদেশলৈ এনেদৰে কল গছৰ ভূৰত গৰুক আবদ্ধ কৰি বাংলাদেশলৈ চোৰাং চালান দিয়াটো এশ শতাংশ নিশ্চিত। কিন্তু চোৰাং গৰু ব্যৱসায়ীয়ে যেন মানৱীয়তাৰ সকলো সীমা চেৰাই গৈ এনেদৰে উন্মুক্ত নদী সীমান্তৰে বাংলাদেশলৈ পাৰ কৰিছে গৰু সমূহ। অৱশ্যে সীমান্ত সুৰক্ষা বাহিনীয়ে এই চোৰাং গৰু উদ্ধাৰ কৰাৰ পিছতহে পোহৰলৈ আহে গৰুৰ ভয়াৱহ চোৰাং কাৰবাৰৰ ভয়াৱহ বাস্তৱ।

ইপিনে সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ উপৰিও চেকেণ্ড লাইন ডিফেন্সকে ধৰি তিনি খলপীয়া নিৰাপত্তা ব্যৱস্থা থকা সত্বেও আজিলৈকে এই চোৰাং কাৰবাৰ বন্ধ কৰিব নোৱাৰা ঘটনাই সম্প্ৰতি সচেতন মহলৰ মাজত সমালোচনাৰ সৃষ্টি হৈছে। আনকি গৰুৰ চোৰাং কাৰবাৰৰ লগতে মাৰাত্মক ড্ৰাগছ আৰু উগ্ৰপন্থীৰ দ্বাৰা অস্ত্ৰ শস্ত্ৰ সৰবৰাহ হব পাৰে বুলিও সন্দেহ কৰাৰ বিপৰীতে দেশৰ প্ৰতিও এক চৰম ভাবুকি অহা বুলিও আশংকা ব্যক্ত কৰিছে সচেতন ৰাইজে।

আনহাতে বাংলাদেশলৈ গৰু ৰপ্তানী কৰাটো লাভ দ্বায়ক হলে এয়া বৈধ ভাবে ৰপ্তানী কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে। কাৰণ এই চোৰাং কাৰবাৰৰ ফলত কেৱল বাংলাদেশে লাভবান হোৱাৰ বিপৰীতে ভাৰতে লোকচানৰ সন্মুখীন হৈছে। যদিওঁ এয়া সম্পূৰ্ণ বৈধ ভাবে ৰপ্তানী কৰা হলে ভাৰত চৰকাৰে বহু টকাৰ বিদেশী বিনিয়োগ লাভ কৰাটো নিশ্চিত বুলি উল্লেখ কৰে সচেতন ৰাইজে।

উল্লেখযোগ্য যে, আৰক্ষীয়ে মাঝে সময়ে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলায় যদিওঁ সেয়াও এক নাটক বুলি দাবী কৰিছে ৰাইজে।




Conclusion:
এতিয়া এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে দেখা পোৱা যাব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.