ETV Bharat / state

Cowherd protest at Joani: জোনাইৰ গো-পালকসকলৰ প্ৰতিবাদ প্ৰত্যাহাৰ; বিবদমান ভূমি পুনৰ জৰীপ কৰাৰ আশ্বাস

author img

By

Published : May 25, 2023, 9:19 PM IST

Etv Bharat
Etv Bharat

অন্ত পৰিল জোনাইৰ গো-পালকসকলৰ প্ৰতিবাদ ৷ প্ৰশাসনৰ সৈতে হোৱা এক আলোচনাৰ মৰ্মে প্ৰতিবাদৰ সিদ্ধান্ত প্ৰত্যাহাৰ গো-পালকসকলৰ ৷ বিবদমান ভূমি পুনৰ জৰীপ কৰাৰ আশ্বাস জিলা প্ৰশাসনৰ (Cattle herders protest in Jonai) ৷

জোনাইৰ গো-পালকসকলৰ প্ৰতিবাদ প্ৰত্যাহাৰ

জোনাই, 25 মে’: জোনাইত গো-পালকসকলৰ আন্দোলন প্ৰত্যাহাৰ ৷ বৃহস্পতিবাৰে ধেমাজি জিলাৰ উপায়ুক্তৰ সৈতে গো-পালক, খেতিয়কৰ মাজত সম্পন্ন হয় যৌথ আলোচনা ৷ পুনৰ ভূমি জৰীপ কৰাত সন্মতি প্ৰদান দুয়োটা পক্ষৰ (Land dispute at Jonai) ৷

উল্লেখ্য যে, জোনাইত বিগত 22 মে’ৰ পৰা গো-পালকসকলৰ আন্দোলনে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৷ মাজিআলি মুনমুনি চাপৰিৰ গো-পালকসকলে চৰণীয়া পথাৰসমূহ খেতিয়কসকলে বে-দখল কৰাৰ অভিযোগ উত্থাপন কৰি হাজাৰ-হাজাৰ গৰু-ম’হ লৈ ৰাওনা হৈছিল জোনাইৰ মহকুমাৰ কাৰ্যালয়ৰ দিশে ৷

এক কথাত আৰম্ভ হৈছিল গো-বিপ্লৱৰ (Cowherd protest at Joani) ৷ যাৰ বাবে জোনাই মহকুমা প্ৰশাসনে আইন-শংখলা পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকাত জাৰি কৰিছিল 144 ধাৰা (144 in Jonai) ৷

ইয়াৰ পাচতেই গো-পালকসকলৰ সৈতে আলোচনাত বহাৰ পোষকতা কৰিছিল ধেমাজি জিলা উপায়ুক্তই ৷ সেই আলোচনাৰ আহ্বান লাভ কৰি গো-পালকসকলে আন্দোলন সাময়িকভাৱে স্থগিত ৰাখিছিল ৷ অৱশেষত গো-পালকসকলৰ সৈতে আলোচনাত বহে ধেমাজি জিলা উপায়ুক্ত ৷

লগতে পঢ়ক: Student beaten by teacher: কণমানি ছাত্ৰক সামান্য কাৰণতেই গুৰুলা-গুৰুলকৈ প্ৰহাৰ শিক্ষকৰ

বৃহস্পতিবাৰে জোনাই মহকুমাধিপতিৰ সভাকক্ষত ধেমাজি জিলাৰ উপায়ুক্ত, জোনাই মহকুমাৰ মহকুমাধিপতি, ৰাজহ চক্ৰ বিষয়া, ছাত্ৰ সংগঠন TMPK ৰ লগতে গো-পালক আৰু খেতিয়কসকলৰ মাজত এক সন্মিলিত আলোচনা অনুষ্ঠিত হয় ৷ এই আলোচনাত বিবদমান মাজিআলি মুনমুনি চাপৰিৰ পুৰণি জৰীপ বাদ দি পুনৰ নতুনকৈ জৰীপ কৰা হ’ব বুলি এক সিদ্ধান্তত উপনীত হয় (Cowherd protest called off) ৷

আনহাতে নতুন জৰীপ কৰি বিবাদৰ মীমাংসা নোহোৱা পৰ্যন্ত গো-পালক আৰু খেতিয়কসকলে শান্তি শৃংখলা বজাই ৰাখিব বুলি প্ৰশাসনক সদৰী কৰে ৷ ইফালে এই আন্দোলনত সকলো প্ৰকাৰে মহকুমা প্ৰশাসনক সহায় কৰি থকা মিচিং জাতীয় সংগঠন TMPK য়ে অতি সোনকালে বিবদমান অঞ্চল জৰীপ কৰি দীৰ্ঘদিনীয়া গো-পালক আৰু খেতিয়কসকলৰ এই সমস্যাক অতি শীঘ্ৰে সমাধান কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনায় ৷

লগতে পঢ়ক: Student leader killed in Nagaland : ড্ৰাগছ ৰোধ কৰিবলৈ গৈ নগালেণ্ডত ছাত্ৰ নেতাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.