ETV Bharat / state

Firing at Assam Aruanchal border: সীমান্তত গছপুলি ৰুবলৈ গৈ অৰুণাচলীৰ গুলীত নিহত দুজন অসমীয়া লোক

author img

By

Published : Jun 5, 2023, 1:17 PM IST

Updated : Jun 5, 2023, 8:01 PM IST

অসম-অৰুণাচল সীমান্তৰ পাণবাৰীত গুলীচালনা (Firing in Assam Aruanchal border) ৷ অসমীয়া লোকলৈ গুলীবৰ্ষণ কৰে অৰুণাচলীয়ে ৷ অৰুণাচলীৰ গুলীত নিহত হৈছে অসমৰ বগা চুতীয়া আৰু মন্টু গগৈ নামৰ দুজন লোক ৷

Firing in Assam Aruanchal border
অসম অৰুণাচল সীমান্তৰ পানবাৰীত গুলীচালনা

অৰুণাচলীৰ গুলীত নিহত দুজন অসমীয়া লোক

ধেমাজি, 5 জুন : ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰৰ পাণবাৰীত গুলীচালনাৰ ঘটনা ৷ অৰুণাচলীৰ গুলীবৰ্ষণত নিহত হয় দুজন অসমীয়া লোক ৷ নিহত লোক দুজনৰ নাম বগা চেতিয়া আৰু মন্টু গগৈ ৷ সীমান্তৱৰ্তী ভূমিত গছপুলি ৰোপনক কেন্দ্ৰ কৰি পানবাৰী এলেকাত প্ৰথমে বাক-বিতণ্ডাৰ সৃষ্টি হয় অসমীয়া আৰু অৰুণাচলী লোকৰ দুটা গোটৰ মাজত (Clash in Assam Arunachal Border) ৷

কিন্তু ক্ৰমাৎ ঘটনাই সংঘাতৰ ৰূপ লয় আৰু অৰুণাচলী লোকে আক্ৰমণ চলাই অসমৰ লোককেইজনৰ ওপৰত ৷ অৰুণাচলী দলটোৱে গুলীচালনা কৰাত অসমৰ দুজনলোক গুলীবিদ্ধ হয় ৷ তাৰোপৰি চোকা অস্ত্ৰৰ আক্ৰমণত আহত হয় পুষ্প গগৈ আৰু অকনি গোঁহাই নামৰ দুজন লোক (Arunachali killed two Assamese people) ৷

উল্লেখ্য যে, বিশ্ব পৰিবেশ দিৱস উপলক্ষে জয়ৰামপুৰ পাণবাৰীৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত গছপুলি ৰোপন কৰিছিল অসমৰ লোককেইজনে ৷ জয়ৰামপুৰ পাণবাৰী সীমান্তৱৰ্তী ভূমি সুৰক্ষা সমিতি নামৰ সংগঠনৰ উদ্যোগত গছপুলি ৰোপনৰ উদ্দেশ্যে গৈছিল লোককেইজন ৷ কিন্তু সেই সময়তে উক্ত স্থানত অৰুণাচলী লোকৰ এটা দল উপস্থিত হৈ হকা-বাধা কৰে ৷ ফলত দুয়োটা দলৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ (Firing at Assam Arunachal border) ৷

অসমৰ ভূমিক অৰুণাচলৰ বুলি দাবী কৰি অৰুণাচলী দলটোৱে বাধা প্ৰদান কৰে গছপুলি ৰোপনত ৷ কিন্তু অসমৰ লোক কেইজনেও উভতি ধৰাত এই সংঘাতৰ সৃষ্টি হয় আৰু প্ৰাণ হেৰুৱাই অসমৰ দুজনকৈ লোকে ৷ আহত লোকদুজন বৰ্তমান ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন (Two people killed in Arunachal border) ৷

উল্লেখ্য যে, অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত দুয়োৰাজ্যৰ সীমাক লৈ দীৰ্ঘদিন ধৰি সংঘাত চলি আহিছে ৷ চৰকাৰে সংঘাত মীমাংসাৰ বাবে চুক্তি সম্পাদন কৰিলেও কিন্তু এই সমস্যাৰ সমাধান হোৱা নাই ৷ প্ৰায়েই অৰুণাচলী লোকে অসমৰ মানুহক সীমান্ত অঞ্চলত ভয়-ভাবুকি প্ৰদান কৰাৰ খবৰ লাভ কৰা হয় ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনা সম্পৰ্কত কয় যে, বৰ্তমানেও সীমা অংকন কৰা হোৱা নাই ৷ সাধাৰণতে চুবুৰীয়া ৰাজ্যই অসমক আক্ৰমণ নকৰে, তাৰ একাংশ লোকে ভূমিৰ লোভত এইদৰে আক্ৰমণ বা সন্ত্ৰাসৰ সৃষ্টি কৰে ৷ সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ধেমাজিৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে ৷

ইতিমধ্যে ধেমাজিৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লৈছে ৷ অৰুণাচল আৰক্ষীৰ সৈতে এই বিষয় সন্দৰ্ভত আলোচনা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷ জিলা আয়ুক্ত অংকুৰ ভৰালীয়েও আৰক্ষীক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক: Danger Landslide in China: ভূমিস্খলনত নিহত 19 জন; আৱদ্ধ 180 জন

Last Updated :Jun 5, 2023, 8:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.