ETV Bharat / state

আন্দোলনেৰে নহয় অথনৈতিক বিপ্লৱৰে পৰিচয় দাঙি ধৰিছে জাতীয়তাবাদী নেতাই

author img

By

Published : Jul 20, 2021, 10:41 PM IST

পথৰ দাঁতিত জাকৈ, খালৈ, ডিঙৰা, জাপি আদি বাঁহ-বেতৰ সামগ্ৰীৰ ব্যৱসায় কৰি আৰম্ভ কৰিছে অথনৈতিক বিপ্লৱ ৷ ধেমাজিৰ নিমাতী চুকৰ সাপ্তাহিক বজাৰ সন্মুখতেই আছে চিন্ময় শৰ্মাৰ Cane and bamboo handcraft নামৰ বাঁহ-বেতৰ দ্বাৰা তৈয়াৰ কৰা অসমীয়া সমাজৰ থলুৱা সামগ্ৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন ৷

asom-jatiyatabadi-yuba-chatra-parishad-ex-leader-has-made-his-identity-as-a-economic-revolutions-in-dhamaji
আন্দোলনেৰে নহয় অথনৈতিক বিপ্লৱৰে নিজৰ পৰিচয় দাঙি ধৰিছে এগৰাকী জাতীয়তাবাদী নেতাই

ধেমাজি, 20 জুলাই : এসময়ত চৰকাৰৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ কৰা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ (Asom Jatiyatabadi Yuba Chatra Parishad) ধেমাজি জিলা সমিতিৰ প্ৰাক্তন সভাপতি চিন্ময় শৰ্মা (SINMOY SHARMA) এতিয়া নামি পৰিছে অৰ্থনৈতিক সংগ্ৰামত (ECONOMIC REVOLUTIONS) ৷ পথৰ দাঁতিত জাকৈ, খালৈ, ডিঙৰা, জাপি আদি বাঁহ-বেতৰ সামগ্ৰীৰ ব্যৱসায় কৰি আৰম্ভ কৰিছে অথনৈতিক বিপ্লৱ ৷ ধেমাজিৰ নিমাতী চুকৰ সাপ্তাহিক বজাৰ সন্মুখতেই আছে চিন্ময় শৰ্মাৰ Cane and bamboo handcraft নামৰ বাঁহ-বেতৰ দ্বাৰা তৈয়াৰ কৰা অসমীয়া সমাজৰ থলুৱা সামগ্ৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন ৷

পাকঘৰত ব্যৱহাৰ কৰা ডলা, চালনীৰ উপৰিও অসমীয়া সমাজ জীৱনৰ পৰা লুপ্ত হৈ যাব ধৰা জাকৈ, খালৈ, ডিঙৰা, চেপা, পল’ আদি তৈয়াৰ কৰি বিক্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰিছে উদ্যমী যুৱকগৰাকীয়ে ৷ সেই অনুসৰি চিন্ময় শৰ্মাৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত এটা ডিঙৰাৰ মূল্য ৩৫০ ৰ পৰা ৫০০ টকা, চেপাৰ ৩৫০ ৰ পৰা ১৫০০ টকা পৰ্যন্ত ৷ বিপণীখনত গ্ৰাহকক সামগ্ৰী বিক্ৰী কৰে প্ৰাক্তন নেতাগৰাকীয়ে ৷ এই থলুৱা ক্ষুদ্ৰ উদ্যোগটোৰ লগত পৰোক্ষভাৱে জড়িত হৈ আছে প্ৰায় এশটা পৰিয়াল ।

চিন্ময় শৰ্মাই জানিবলৈ দিয়া অনুসৰি বৰ্তমান ক‘ভিড সৃষ্ট পৰিৱেশৰ বাবে ব্যাপক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

আন্দোলনেৰে নহয় অথনৈতিক বিপ্লৱৰে নিজৰ পৰিচয় দাঙি ধৰিছে এগৰাকী জাতীয়তাবাদী নেতাই

উল্লেখযোগ্য যে, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতিৰ দায়িত্বত পাঁচবছৰ কাল থকাৰ উপৰিও একাধিক সংগঠনৰ নেতৃত্ব বহন কৰিছিল চিন্ময় শৰ্মাই ৷ ইপিনে এই ব্যতিক্ৰমী ব্যৱসায় আৰম্ভ কৰাৰ সম্পৰ্কত প্ৰাক্তন সভাপতি গৰাকীয়ে কয় যে, নিজে জাতীয়তাবাদী সংগঠনৰ হৈ এসময়ত সৰ্বসাধাৰণৰ হকে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ সেয়ে তেওঁ অসমীয়াৰ স্বাভিমান জড়িত হৈ থকা সামগ্ৰীক লৈ চিন্তা কৰিয়ে এই ব্যৱসায় কৰিছে বুলি মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ প্ৰাক্তন সভাপতি চিন্ময় শৰ্মাই ৷

লগতে পঢ়কঃ নাঙলৰ সীৰলুত উদ্ধাৰ কাঁহৰ বাতি....তাৰপিছত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.