ETV Bharat / state

Artificial flood in Jonai: পানীৰ তলত বিদ্যালয়-কাৰ্যালয়-আৱাসিক এলেকা

author img

By

Published : Aug 5, 2022, 5:04 PM IST

Artificial flood in Jonai
কৃত্ৰিম বানৰ কৱলত জোনাই সদৰ

কৃত্ৰিম বানৰ কৱলত জোনাই সদৰ বিদ্যালয়, আৱাসিক, ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে সকলো গুৰুত্বপূৰ্ণ এলেকা ৷ এজাক বৰষুণৰ দিলেই জোনাই বজাৰকে ধৰি বিভিন্ন অঞ্চলত সৃষ্টি হয় কৃত্ৰিম বানৰ (Artificial flood in Jonai)। কৃত্ৰিম বানৰ বাবে এতিয়া ব্যাহত হৈ পৰিছে জোনাইবাসীৰ স্বাভাৱিক জীৱনযাত্ৰা ।

জোনাই ৫ আগষ্ট: প্ৰৱল বৰষুণৰ ফলত জোনাই সদৰৰ প্ৰায়বোৰ এলেকাতে সৃষ্টি হৈছে কৃত্ৰিম বানৰ । সদৰ চহৰখনৰ মাজমজিয়াস্থিত জোনাইৰ বজাৰ গান্ধী ৰোড, আৱকাৰী কৰ্যালয়, এ এছ টি চি বাছ আস্থান, হিন্দী এল পি স্কুল, হিন্দী হাই স্কুল, জোনাই টাউন এল পি স্কুল, কমলপুৰ, জোনাইৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে সকলো গুৰুত্বপূৰ্ণ এলেকা কৃত্ৰিম বানৰ ফলত জলমগ্ন হৈ পৰে(Artificial flood in Jonai) ।

কৃত্ৰিম বানৰ কৱলত জোনাই সদৰ

বিদ্যালয়সমূহ কৃত্ৰিম বানত জলমগ্ন হৈ পৰাত কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে পাঠদানৰ বাবে বিপদসংকুল যাত্ৰাৰে যোগাযোগ অব্যাহত ৰাখিছে ৷ ইয়াৰ উপৰিও আৱাসিক এলেকা এজাক বৰষুণতে জলমগ্ন হৈ পৰাত গভীৰ শংকাত ভুগিছে স্থানীয় ৰাইজে । ঘৰৰ ভিতৰত পানী সোমোৱাৰ ফলত জীয়াতু ভুগিছে মহিলা আৰু শিশুসকলে । ইফালে জোনাই অসামৰিক চিকিৎসালয়লৈ যোৱা পথটোত পানী হোৱাৰ ফলত ৰোগীসকলো সন্মুখীন হৈছে যথেষ্ট অসুবিধাৰ ।

এইক্ষেত্ৰত ৰাজনৈতিক নেতা আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো সঁহাৰি নোপোৱাত ৰাইজে নিজাববীয়াকৈ কৰি লৈছে নিজৰ সুৰক্ষাৰ ব্যৱস্থা । লক্ষণীয় যে, আজিও যদি বৰষুণৰ প্ৰৱলতা কম নহয় তেন্তে পানীৰ পৰিমাণ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা যথেষ্ট হোৱাত অধিক চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ । জোনাই সদৰৰ বিভিন্ন স্থানত অপৰিকল্পিতভাৱে কেইবাবছৰো ধৰি নলা-নিৰ্মাণৰ কামসমূহ ৰূপায়ন কৰা হৈছে যদিও এই আঁচনিসমূহ ৰূপায়নত ব্যাপক অনিয়ম(Irregularities in implementation of schemes) সংঘটিত হোৱাৰ বাবে আজি এনেদৰে কৃত্ৰিম বানে জোনাই ৰাইজক জলাকলা খুৱাইছে ৷

কৃত্ৰিম বানৰ সমস্যা ৰোধ(Prevention of artificial flood problem) কৰিবলৈ জোনাই মহকুমা প্ৰশাসন জনপ্ৰতিনিধি আৰু পঞ্চায়তে এই ক্ষেত্ৰত এতিয়ালৈ কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই । জোনাইৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে অতি শীঘ্ৰে পৰিকল্পিতভাৱে ড্ৰেইন নিৰ্মাণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক : Congress Protest : মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.