ETV Bharat / state

Annual sports festival: চমকং হাইস্কুলৰ ৩৪ সংখ্যক সপ্তাহজোৰা বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সামৰণি

author img

By

Published : Dec 20, 2022, 10:10 PM IST

চমকং হাইস্কুলৰ ৩৪ সংখ্যক সপ্তাহজোৰা বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ আজি সামৰণি পৰে । বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ বঁটা বিতৰণী আৰু মুকলি সভাখনৰ সভাপতিত্ব কৰে চমকং হাইস্কুলৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰীয়ে । অনুষ্ঠানটোত চমকং হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক নেত্ৰপ্ৰসাদ দাহাল, ঘনকান্ত গগৈ, চিমেন চাপৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক মহেশ পেগু উপস্থিত থাকে ।

34th annual sports festival of Chamkong High School concludes in Jonai
চমকং হাইস্কুলৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সামৰণি

চমকং হাইস্কুলৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সামৰণি

জোনাই, ২০ ডিচেম্বৰ: চমকং অঞ্চলৰ একমাত্ৰ মাধ্যমিক শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান চমকং হাইস্কুলৰ ৩৪ সংখ্যক সপ্তাহজোৰা বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ আজি সামৰণি পৰে (Annual sports festival of Chamkong High School) । বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ বঁটা বিতৰণী আৰু মুকলি সভাখন সভাপতিত্ব কৰে চমকং হাইস্কুলৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰীয়ে । চমকং হাইস্কুলৰ সহকাৰী শিক্ষক তথা বিদ্যালয়ৰ ক্ৰীড়া বিভাগৰ তত্বাৱধায়ক অৰুণ মহন্তই আঁতধৰা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই চিমেন চাপৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ ৰুণু গগৈয়ে ৷

অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে পশ্চিম চিমেন চাপৰি আদৰ্শ হাইস্কুলৰ (Simen Chapori High School Assam) প্ৰধান শিক্ষক অনিল বেজবৰুৱাই নিজৰ ভাষণত কয় যে যুৱ উশৃংখলতাই সাম্প্ৰতিক সময়ত সমাজত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ সেয়াহে ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ পৰা সদায় আঁতৰি থাকিব লাগে ৷ সুস্বাস্থ্য আৰু সু চৰিত্ৰৰ গৰাকী হৈ নিয়মিত অধ্যয়নৰ দ্বাৰা ভৱিষ্যত জীৱন আগুৱাই নিবলৈ আহ্বান জনায় প্ৰধান শিক্ষকগৰাকীয়ে ।

মুকলি সভাত চিমেন চাপৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড৹ দেবানন্দ সিঙে কয় যে বিদ্যালয়ৰ পাঠ্যক্ৰমৰ উপৰি ক্ৰীড়া, সাংস্কৃতিক, সাহিত্য সকলো ক্ষেত্ৰতে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰতিভা বিকাশৰ জৰিয়তে এখন সুন্দৰ সমাজ নিৰ্মাণত মনোনিবেশ কৰিলে সকলোৰে আস্থা আৰু প্ৰিয় পাত্ৰ হ'ব ৷ ক্ৰীড়াৰ জৰিয়তে বহু প্ৰতিভাৱান খেলুৱৈয়ে নিজকে প্ৰতিষ্ঠা কৰি দেশৰ, সমাজৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

অনুষ্ঠানটোত চমকং হাইস্কুলৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক নেত্ৰপ্ৰসাদ দাহাল, ঘনকান্ত গগৈ, চিমেন চাপৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক মহেশ পেগু উপস্থিত থাকে । আজিৰ বঁটা বিতৰণী সভাত ক্ৰীড়া সমাৰোহৰ বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হয় । উল্লেখযোগ্য যে আজি সামৰণি পৰা চমকং হাইস্কুলৰ ৩৪ সংখ্যক বাৰ্ষিক ক্ৰীড়া সমাৰোহখনী ১৩ ডিচেম্বৰৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় । অনুষ্ঠানৰ প্ৰথম দিনা পুৱা ৮-৩০ বজাত পতাকা উত্তোলন কৰে চমকং হাইস্কুলৰ প্ৰধান শিক্ষক হৰজিৎ ৰায়চৌধুৰীয়ে ।

ইয়াৰ পাছতে পুৱা ৯-৪৫ বজাৰ পৰা বহিঃ বিভাগৰ ক্ৰীড়া দৌৰ, জাম্প, ফুটবল, ভলীবল, কাবাডী প্ৰতিযোগিতা আৰম্ভ কৰা হয়। সপ্তাহজোৰা ক্ৰীড়া সমাৰোহত স্মৃতি পৰীক্ষা, ছবি অঁকা,ৰচনা, তৰ্ক, কুইজ, আকস্মিক বক্তৃতা, কবিতা আবৃত্তি আদি সাহিত্য আৰু সুকুমাৰ কলা, বৰগীত, লোকগীত, ভূপন্দ্ৰ সংগীত, জ্যোতি সংগীত, ৰাভা সংগীত, বিহুগীত, ঐ নিঃতম, আধুনিক গীত, গৌদান মেথায়,বৈসাগু মেথায়, আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক: BTR day celebration: মুছলপুৰত BTR ৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.