ETV Bharat / state

Annual Session of Mandalik Samiti: অসম কলেজ শিক্ষক সংস্থাৰ মাণ্ডলিক সমিতিৰ বাৰ্ষিক অধিৱেশন

author img

By

Published : Dec 19, 2022, 9:37 PM IST

চিমেন চাপৰি মহাবিদ্যালয়ত অনুষ্ঠিত হয় অসম কলেজ শিক্ষক সংস্থাৰ ধেমাজি ঢকুৱাখনা মাণ্ডলিক সমিতিৰ বাৰ্ষিক অধিৱেশন (Simen Chapori College) ৷ অধিৱেশনৰ পুৱা ৯ বজাত মণ্ডপৰ পতাকা উত্তোলন কৰে অসম কলেজ শিক্ষক সংস্থাৰ ধেমাজি ঢকুৱাখনা সমিতিৰ সভাপতি ভূপেন গগৈয়ে আৰু পতাকা উত্তোলন কৰে চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শচীন দলেয়ে ।

Annual session of ACTA Mandalik Samiti held at Simen Chapori College in Jonai
অসম কলেজ শিক্ষক সংস্থাৰ মাণ্ডলিক সমিতিৰ বাৰ্ষিক অধিৱেশন

কলেজ শিক্ষক সংস্থাৰ ধেমাজি ঢকুৱাখনা মাণ্ডলিক সমিতিৰ অধিৱেশন

জোনাই,১৯ ডিচেম্বৰ: অসমৰ শিক্ষক সমাজৰ অন্যতম সংস্থা অসম কলেজ শিক্ষক সংস্থাৰ ধেমাজি ঢকুৱাখনা মাণ্ডলিক সমিতিৰ বাৰ্ষিক অধিৱেশনখন আজি চিমেন চাপৰি মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় (Annual Session of Mandalik Samiti)। অধিৱেশনৰ পুৱা ৯ বজাত মণ্ডপৰ পতাকা উত্তোলন কৰে অসম কলেজ শিক্ষক সংস্থাৰ ধেমাজি ঢকুৱাখনা সমিতিৰ সভাপতি ভূপেন গগৈয়ে আৰু পতাকা উত্তোলন কৰে চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শচীন দলেয়ে (Simen Chapori College) ।

সভাখন উদ্বোধন কৰি চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলেয়ে কয় যে মহাবিদ্যালয়ৰ শিক্ষকসকলে প্ৰতিটো বিষয়ত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা কৰ্মশালা অনুষ্ঠিত কৰি শিক্ষাৰ মানদণ্ড উন্নত কৰাত মনোনিবেশ কৰিব লাগে ৷ এইক্ষেত্ৰত অসম কলেজ শিক্ষক সংস্থাই ভূমিকা গ্ৰহণ কৰা প্ৰয়োজন (Assam College Teachers Association)। অনুষ্ঠানত অসম কলেজ শিক্ষক সংস্থাৰ ধেমাজি ঢকুৱাখনা মাণ্ডলিক সমিতিৰ বাৰ্ষিক মুখপত্ৰ বিকিৰণ উন্মোচন কৰে অসম কলেজ শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ভূঞাই ।

মুখপত্ৰ উন্মোচন কৰি ভাষন প্ৰসংগত বিশ্বজিৎ ভূঞাই কয় যে, অসম কলেজ শিক্ষক সংস্থা দেশৰ ভিতৰতে এটা গণতান্ত্ৰিক শৈক্ষিক আৰু সামাজিক সংগঠন ৷ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনৰ বিকাশ আৰু উন্নত মানদণ্ড ৰূপত গঢ় দিয়াৰ বাবে অসম কলেজ শিক্ষক সংস্থাই নিৰৱচ্ছিন্নভাৱে দায়িত্ব পালন কৰি আহিছে ৷ চৰকাৰে শেহতীয়াকৈ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানৰ সংখ্যা হ্ৰাস কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ সাম্প্ৰতিক সময়ত চৰকাৰে বেচৰকাৰী খণ্ডতো উচ্চ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা চলাইছে ৷ ৰাইজে শ্ৰমদান কৰি প্ৰতিষ্ঠা কৰা উচ্চ শিক্ষানুষ্ঠানসমূহ যেতিয়া প্ৰাদেশিকৃত হৈ যায়, তেতিয়াৰ পৰা কলেজ কৰ্তৃপক্ষই ৰাইজৰ সৈতে সম্পৰ্ক ওতঃপ্ৰোতভাৱে ৰক্ষা কৰি নচলাতো গ্ৰহণযোগ্য নহয় ৷

উল্লেখ্য যে সভাত কেইবাখনো মহাবিদ্যালয়ৰ শিক্ষক গোটৰ তৰফৰ পৰা বিভিন্ন দাবী সম্বলিত প্ৰস্তাৱ মাণ্ডলিক সমিতিৰ হাতত জমা দিয়ে । সভাত নতুন পেন্সন নীতি বাতিল কৰি পুৰণা পেন্সন নীতি বলবৎ কৰা, টিউটৰসকলক শিক্ষক পদলৈ উন্নীতকৰণ কৰা সপ্তম দৰমহা আয়োগৰ সংশোধনী আনি বকেয়া ধন মুকলাই দিয়া আদি বিষয়ত আলোচনা কৰা হয় । অসম কলেজ শিক্ষক সংস্থাৰ ধেমাজি ঢকুৱাখনা মাণ্ডলিক সমিতিৰ সাধাৰণ সম্পাদক বসন্ত মংগল দত্তই আঁতধৰা সভাত কেন্দ্ৰীয় পৰ্য্যবক্ষক হিচাপে উপস্থিত থাকে অসম কলেজ শিক্ষক সংস্থাৰ কাৰ্যনিৰ্বাহক কৃষ্ণকমল শইকীয়া ৷

অনুষ্ঠানত অসম কলেজ শিক্ষক সংস্থাৰ সাংগঠনিক সম্পাদক সঞ্জীৱ ফুকন, কাৰ্যনিৰ্বাহক বন্দিতা বৰবৰা, অসম কলেজ শিক্ষক সংস্থাৰ মহিলা কোষৰ সভানেত্ৰী ড৹ অমিয়া পাটৰ, সম্পাদিকা ড৹ স্বপ্না নাথ উপাধ্যায় প্ৰমুখ্যে কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে । ইয়াৰ পাছতে অনুষ্ঠিত কৰা হয় প্ৰতিনিধি সভা । আজিৰ প্ৰতিনিধি সভাত অনুষ্ঠিত হোৱা নিৰ্বাচনত সভাপতি পদৰ বাবে ড৹ অতুল হাজৰিকাই লাভ কৰে ৫৭ টা আৰু নিকটতম প্ৰাৰ্থী তোষেশ্বৰ গগৈয়ে লাভ কৰে ৫৬ টা ।

আনহাতে সাধাৰণ সম্পাদকৰ পদত ৰিন্টু সন্দিকৈয়ে লাভ কৰে ৭৫ টা আৰু নিকটতম প্ৰাৰ্থী বিজিত দত্তই লাভ কৰে ৩৫ টা ভোট । ৰাজ্যিক কাৰ্যনিৰ্বাহক পদৰ বাবে বসন্ত মংগল দত্তই লাভ কৰে ৬৪ টা আৰু নিকটতম প্ৰাৰ্থী ত্ৰৈলোক্য গগৈয়ে লাভ কৰে ৪৮ টা ভোট । মনমোহন গগৈ উপ সভাপতি, তবেন্দ্ৰনাথ দাসে সহকাৰী সম্পাদক, মাজনী হাজৰিকাই সহকাৰী সম্পাদিকা(সংৰক্ষিত), শিৱনাথ পাইতে কোষাধ্যক্ষ, ড৹ ৰুণু গগৈয়ে কেন্দ্ৰীয় সমিতিৰ মহিলা কোষৰ কাৰ্যনিৰ্বাহক হিচাপে বিনা প্ৰতিদন্দ্বীতাৰে নিৰ্বাচিত হয় । আজিৰ প্ৰতিনিধি সভাত মুঠ 19 খন মহাবিদ্যালয়ৰে গঠিত অসম কলেজ শিক্ষক সংস্থাৰ ধেমাজি ঢকুৱাখনা মাণ্ডলিক সমিতিখন নতুনকৈ গঠন কৰা হয় ।

লগতে পঢ়ক: Mirem village celebrates Diamond Jubilee: অৰুণাচল প্ৰদেশৰ পূৱ ছিয়াং জিলাৰ মিৰেম গাঁৱৰ হীৰক জয়ন্তী বৰ্ষ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.