ETV Bharat / state

Scam in PMAY in Assam: বিজেপিৰ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে PMAY গৃহৰ ধন আত্মসাতৰ অভিযোগ

author img

By

Published : Aug 11, 2023, 7:55 PM IST

চিলাপথাৰত PMAY গৃহৰ ধন আত্মসাতৰ ঘটনাকৈ তীব্ৰ প্ৰতিক্ৰিয়া। বিজেপিৰ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে উঠিছে এই অভিযোগ ।

Scam in Betanipam gaon panchayat
চিলাপথাৰত PMAY গৃহৰ ধন আত্মসাত

চিলাপথাৰত PMAY গৃহৰ ধন আত্মসাত

জোনাই, ১১ আগষ্ট: ধেমাজি জিলাৰ চিলাপথাৰত বিজেপিৰ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে দৰিদ্ৰৰ গৃহৰ ধন আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ প্ৰতি অভিযোগক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ধেমাজিৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ বেতনিপাম গাঁও পঞ্চায়তৰ বিজেপিৰ পঞ্চায়ত সভাপতি বিক্ৰম গগৈৰ বিৰুদ্ধে PMAYৰ ধন আত্মসাত কৰাৰ গুৰুতৰ অভিযোগ তুলিছে পঞ্চায়তখনৰ হিতাধিকাৰীয়ে ।

এই পঞ্চায়তখনৰ ৬ নং ৱাৰ্ডৰ জয়া দিহিঙ্গীয়া নামৰ মহিলা গৰাকীক চৰকাৰে প্ৰদান কৰা PMAY ৰ তৃতীয় কিস্তিৰ ধন ৪৮,৭৫০ টকা পঞ্চায়ত সভাপতি গৰাকীয়ে আত্মসাত কৰাৰ অভিযোগ উত্থাপন কৰে । ইপিনে,পঞ্চায়ত সভাপতি বিক্ৰম গগৈয়ে এই অভিযোগ নসাৎ কৰি এয়া তেওঁৰ লগতে বিজেপি বিৰোধী এক চক্ৰৰ সস্তীয়া অপপ্ৰচাৰ আৰু চক্ৰান্ত বুলি কয় । তেওংকয় যে বিজেপি চৰকাৰৰ উন্নয়নৰ জয়ধ্বনি শুনি একাংশ বিৰোধীয়ে সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন অপ প্ৰচাৰত লিপ্ত হৈছে ।

লগতে পঢ়ক:ATASU Protest in Dhemaji : জনজাতিকৰণৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত ধেমাজিত আটাছুৰ অৱস্থান ধৰ্মঘট

তেওঁ পুনৰ কয় যে আচলতে পঞ্চায়তখনৰ জয়া দিহিঙ্গীয়া নামৰ মহিলা গৰাকীৰ PMAYৰ দ্বিতীয় আৰু তৃতীয় কিস্তিৰ ধন একেলগে কাৰ্যালয়ৰ কিছু বিজুতিৰ হোৱাত ধনখিনি একেলগে হিতাধিকাৰীৰ একাউণ্টত ভুলবশতঃ সোমাই । কিন্তু মহিলাগৰাকীয়ে প্ৰথম কিস্তিৰেই ধন গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ খৰচ নকৰাত তৃতীয় কিস্তিৰ ধন খিনি পঞ্চায়ত কতৃপক্ষই ওভতাই নিয়ে । আৰু দ্বিতীয় কিস্তিৰ ধন খৰচ হোৱাৰ পাছত পুনৰ বাকী থকা তৃতীয় কিস্তিৰ ধন মুকলি কৰি দিয়া বুলি কয় যদিও একাংশই মিছাকৈ ধন আত্মসাত কৰাৰ অভিযোগ তুলি বিজেপি দলৰ লগতে তেওঁক সমাজত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা চলাইছে বুলি এইদৰেই সংবাদ মাধ্যমক অৱগত কৰে । কথাটো হ'ল যে সঁচা মিছা কোন সেয়া তদন্ততে ওলাব ।

লগতে পঢ়ক:Sri Raghupati total Box office collection: অসমীয়া ছবিজগতৰ বাবে ইতিহাস ৰচিলে শ্ৰী ৰঘুপতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.