ETV Bharat / state

Allegation of Irregularities : আজৱ কাণ্ড; স্ব-ইচ্ছাই বন্ধ দি বিদ্যালয়লৈ নাহিল প্ৰধান শিক্ষয়িত্ৰী

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 5:27 PM IST

Allegation of Irregularities Against Head Mistress
আজৱ কাণ্ড

পুৱা 8 বজাৰ পৰা প্ৰায় 11 বজালৈ প্ৰধান শিক্ষয়িত্ৰীৰ অপেক্ষাত ছাত্ৰ-ছাত্ৰী ৷ স্ব-ইচ্ছাই বন্ধ দি বিদ্যালয়লৈ নাহিল প্ৰধান শিক্ষয়িত্ৰী।

প্ৰধান শিক্ষয়িত্ৰীৰ অপেক্ষাত ছাত্ৰ-ছাত্ৰী

জোনাই ১৮ ছেপ্টেম্বৰ : জোনাইত পোহৰলৈ আহিছে এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰীৰ আজৱ কাণ্ড ৷ স্ব-ইচ্ছাই বন্ধ দি বিদ্যালয়লৈ নাহিল প্ৰধান শিক্ষয়িত্ৰী। পুৱা 8 বজাৰ পৰা প্ৰায় 11 বজাবলৈ প্ৰধান শিক্ষয়িত্ৰীৰ অপেক্ষাত ছাত্ৰ-ছাত্ৰী, সহকাৰী শিক্ষয়িত্ৰী ৷

জানিব পৰা মতে, মুৰ্কং চেলেক শিক্ষা খণ্ডৰ অধীনৰ বাহিৰ চিলাই প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী সুৰঞ্জনা ভূঞা নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে সংঘটিত কৰিছে এই আজৱ কাণ্ড ৷ নিৰ্ধাৰিত সময় অনুসৰিয়েই বিদ্যালয়খনলৈ আহিল ছাত্ৰ-ছাত্ৰী, সহকাৰী শিক্ষয়িত্ৰীসকল ৷ কিন্তু বিদ্যালয়খনৰ তলাৰ চাবি লৈ যোৱা প্ৰধান শিক্ষয়ত্ৰী সুৰঞ্জনা ভূঞা নাহিল বিদ্যালয়লৈ ৷ অভিযোগ অনুসৰি কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীক বিদ্যালয় বন্ধ বুলি মৌখিক খবৰ দি দায়িত্ব সামৰিলে প্ৰধান শিক্ষয়ত্ৰীয়ে ৷

বিদ্যালয় বন্ধ থকাত ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ৰ বাৰাণ্ডাতে কিতাপৰ বেগ থৈ প্ৰায় তিনি ঘণ্টা অপেক্ষা কৰিলে প্ৰধান শিক্ষয়ত্ৰীৰ বাবে ৷ প্ৰায় তিনি ঘণ্টাৰ পিছত এই খবৰ লাভ কৰি সাংবাদিকৰ দল উপস্থিত হয় বিদ্যালয়খনত ৷ একে সময়তে বিদ্যালয়খনত মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক উপস্থিত হৈ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে নথি-পত্ৰৰ ক্ষেত্ৰত বিভিন্ন সময়ত গাফিলতি কৰাৰো অভিযোগ কৰে ৷ তদুপৰি তেওঁ প্ৰধান শিক্ষয়ত্ৰীগৰাকীৰ একনায়কত্ববাদৰ বিৰুদ্ধে জিলা শিক্ষা বিভাগত অৱগত কৰিব বুলি জানিবলৈ দিয়ে ৷

অসম চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত যিমানে সংস্কাৰ সাধন কৰিলেও পৰিবৰ্তন হোৱা নাই একাংশ শিক্ষকৰ মনোবৃত্তি ৷ একনায়কত্ববাদ তথা মইমতালিৰে স্ব-ইচ্ছাই সংঘটিত কৰে এনেধৰণৰ আজৱ কাণ্ড ৷ এতিয়া অভিযুক্ত প্ৰধান শিক্ষয়িত্ৰী সুৰঞ্জনা ভূঞাৰ বিৰুদ্ধে অসম চৰকাৰৰ শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয় ৷

লগতে পঢ়ক : Protest at Tinsukia : অসম চাহ বাগিচা দৈনিক মজুৰি প্ৰাপ্ত প্ৰাথমিক শিক্ষক সন্মিলনীৰ আমৰণ অনশন কাৰ্য্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.