ETV Bharat / state

AJYCP protest: জয়ৰামপুৰৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে AJYCP ৰ প্ৰতিবাদ

author img

By

Published : Jun 5, 2023, 9:21 PM IST

AJYCP protest
Tense situation in Assam Arunachal border

অসম-অৰুণাচল সীমান্তৰ জয়ৰামপুৰ পাণবাৰীত সংঘটিত হিংসাত্মক ঘটনাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ ধেমাজিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত জুমুঠি জ্বলাই প্ৰতিবাদ সংগঠনটোৰ ৷ এই হিংসাত্মক ঘটনাত দুজন অসমীয়া লোকৰ মৃত্যু (Tense situation in Assam Arunachal border) ৷

পাণবাৰীৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে AJYCP ৰ প্ৰতিবাদ

ধেমাজি, 5 জুন: ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৰ জয়ৰামপুৰ পাণবাৰীত সোমবাৰে সংঘটিত হয় এক উদ্বেগজনক ঘটনা ৷ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ পুলি ৰোপন কৰিবলৈ যোৱা অসমৰ কেইজনমান লোকৰ ওপৰত অৰুণাচলী দুৰ্বৃত্তই আক্ৰমণ চলায় ৷ এই ঘটনাত দুজনলোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে আহত হয় আন কেইবাজনো লোক (Firing at Assam Arunachal border) ৷

ঘটনাৰ বিবৰণী অনুসৰি, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জয়ৰামপুৰ পাণবাৰী সীমান্তৱৰ্তী ভুমি সুৰক্ষা সমিতি নামৰ সংগঠনৰ উদ্যোগত অসম-অৰুণাচল সীমান্তৰ পাণবাৰীত গছপুলি ৰোপনৰ বাবে গৈছিল কেইজনমান লোক ৷ কিন্তু গছপুলি ৰুই থকা অৱস্থাতে অৰুণাচলৰ এদল লোকে আহি বাধা প্ৰদান কৰে অসমৰ লোকসকলক ৷ প্ৰথমে দুয়োপক্ষৰ মাজত কথাৰ কটা-কটি হয় আৰু পাচলৈ ই ভয়ংকৰ সংঘাতৰ ৰূপ লয় (Two Assamese people Killed at Jairampur) ৷

অৰুণাচলী দলটোৱে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে নিৰ্বিচাৰে গুলীচালনা কৰে অসমৰ দলটোৰ ওপৰত ৷ ফলত বগা চেতিয়া নামৰ এজন লোক থিতাতে নিহত হয় ৷ মন্টু গগৈ নামৰ আন এজন লোক গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হোৱাত তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়তে প্ৰাণ হেৰুৱাই মন্টু গগৈয়ে ৷ এই ঘটনাত আহত হোৱা পুষ্প গগৈ আৰু অকনি গোঁহাই বৰ্তমান চিকিৎসাধীন হৈ আছে (Jairampur firing incident) ৷

লগতে পঢ়ক: Firing at Assam Aruanchal border: সীমান্তত গছপুলি ৰুবলৈ গৈ অৰুণাচলীৰ গুলীত নিহত দুজন অসমীয়া লোক

এই ঘটনাৰ পাচতে জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷ সংগঠনটোৰ ধেমাজি আঞ্চলিকে গোটে ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷ ধেমাজিৰ 15 নম ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদকাৰীয়ে দুয়োখন ৰাজ্যৰ চৰকাৰৰ প্ৰতীকী জুমুঠি দাহ কৰি উত্তাল প্ৰতিবাদ কৰে (AJYCP protest in Dhemaji) ৷

ইতিমধ্যে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা আৰু জিলা আয়ুক্ত অংকুৰ ভৰালী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লৈছে ৷ এই ঘটনাৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰো আশ্বাস প্ৰদান কৰিছে দুয়োগৰাকী বিষয়াই ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৷ একাংশ লোকে মাটিৰ লোভত এইধৰণৰ কাৰ্য সংঘটিত কৰি থাকে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে (CM reaction on Assam Arunachal border firing) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.