ETV Bharat / state

Encroachment in Jonai: জোনাইৰ কবু চাপৰিৰ বেদখলকাৰীক শেষ সকীয়নি প্ৰশাসনৰ

author img

By

Published : Jun 3, 2023, 3:48 PM IST

Encroachment in Jonai Kobu Chapori
বান-খহনীয়াত নিঃশেষ হোৱাৰ উপক্ৰম কবু চাপৰি

কবু চাপৰিক বেদখল মুক্ত কৰিবলৈ বেদখলকাৰীক শেষবাৰৰ বাবে সকীয়াই দিছে জোনাই বনবিভাগ আৰু আৰক্ষীয়ে ৷ 15 মে’ত জোনাই আঞ্চলিক বন বিভাগৰ লোকে কবু চাপৰিত উপস্থিত হৈ ঘৰে ঘৰে গৈ এসপ্তাহৰ ভিতৰত এই চাপৰি বেদখল মুক্ত কৰিবলৈ জাননী প্ৰেৰণ কৰে (Encroachment in Jonai Kobu Chapori) ৷

বেদখল মুক্ত কৰিবলৈ বেদখলকাৰীক সকীয়নি

জোনাই, 3 জুন: বান-খহনীয়াত নিঃশেষ হোৱাৰ উপক্ৰম ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত কবু চাপৰিৰ ৷ এনে সময়তে চৰকাৰ তথা প্ৰশাসন সাৰ পাইছে কবু চাপৰিত অব্যাহত থকা বেদখল উচ্ছেদৰ বাবে ৷ শুকুৰবাৰে কবু চাপৰিত বছৰ বছৰ ধৰি বসবাস কৰা পৰিয়াল সমূহক বেদখল মুক্ত কৰিবলৈ শেষবাৰৰ বাবে সকীয়াই দিয়ে জোনাই বনবিভাগ আৰু আৰক্ষীয়ে (Eviction Notice to Encroachers in Jonai) ৷

বান-খহনীয়াত ব্ৰহ্মপুত্ৰৰ বুকুত নিশ্চিহ্ন হ'বলৈ ক্ৰমে আগবঢ়াৰ সময়ত কবু চাপৰিত দশক দশক ধৰি বেদখলকাৰী বহু পৰিয়ালে কবু চাপৰিৰ পৰা অন্য স্থানলৈ স্থানান্তৰিত হ'ল যদিও উপায়বিহীন প্ৰায় অৰ্ধশতাধিক পৰিয়ালে নিশ্চিহ্ন হ'বলৈ আগবঢ়া কবু চাপৰিত বৰ্তমানো বসবাস কৰি আছে ৷ বিগত 15 মে’ত জোনাই আঞ্চলিক বন বিভাগৰ লোকে কবু চাপৰিত উপস্থিত হৈ ঘৰে ঘৰে গৈ এসপ্তাহৰ ভিতৰত এই চাপৰি বেদখল মুক্ত কৰিবলৈ জাননী প্ৰেৰণ কৰে ৷ ইয়াৰ পিছতে হাহাকাৰ সৃষ্টি হয় ৰাইজৰ মাজত (Encroachment in Jonai) ৷

ইফালে জাননী পোৱাৰ পিছতে একাংশ পৰিয়ালে কবু চাপৰি এৰি গুচি গৈছে যদিও 40 টাতকৈও অধিক উপায়বিহীন পৰিয়ালে আজিও কবু চাপৰি ত্যাগ নকৰাত শুকুৰবাৰে পুনৰ জোনাই আৰক্ষী আৰু বন বিভাগে কবু চাপৰিত গৈ শেষবাৰৰ বাবে আৰু শীঘ্ৰেই বেদখল মুক্ত কৰিবলৈ ঘোষণা কৰে ৷ অন্যথা যিকোনো সময়ত উচ্ছেদ অভিযান চলাব বুলি সকীয়াই দিয়ে ৰাইজক ৷ আনহাতে 6 জুনৰ পৰা প্ৰাথমিক বিদ্যালয় সমূহত অনুষ্ঠিত হ’ব লগা প্ৰথম মূল্যায়ন পৰীক্ষাত বহিবলগীয়া কণকণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি কেইদিনমানৰ বাবে উচ্ছেদ অভিযান নচলাবলৈ চৰকাৰ তথা জোনাই বনবিভাগ আৰু আৰক্ষীলৈ আবেদন জলাইছে কবু চাপৰিবাসী ৰাইজে (Encroachers in Jonai Kobu Chapori) ৷

উল্লেখ্য যে ধেমাজি জিলাৰ জোনাই মহকুমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত বাস কৰা লোকসকলক জোনাই আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে জাননীযোগে জনোৱামতে, কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে প্ৰৱেশ কৰি বন ধ্বংস কৰি বনাঞ্চলৰ ভূমি বেদখল কৰা পৰিয়ালৰ বিৰুদ্ধে অসম বন প্ৰাধিকৰণ 1891 (সংশোধিত আইন 1995)ৰ 34(1) ধাৰা ভংগ কৰাৰ অভিযোগ তুলি আইনৰ 71(খ) ধাৰাৰ অধীনত প্ৰেৰণ কৰা হৈছিল এই জাননী (Jonai Kobu Chapori) ৷

জাননী জাৰি কৰাৰ সাতদিনৰ ভিতৰত স্ব-ইচ্ছাৰে বনভূমি বেদখলমুক্ত কৰি সেই ঠাইৰ পৰা আঁতৰি যাবলৈ দিয়া হৈছিল যদিও সাতদিনৰ পিছতো বেদখল মুক্ত নকৰাত বনাঞ্চল সংৰক্ষণ আৰু পৰিবেশ উন্নয়নৰ স্বাৰ্থত বন আইন অনুসৰি পুনৰ শুকুৰবাৰে শেষবাৰৰ বাবে এতিয়াও কবু চাপৰিত ত্যাগ নকৰা পৰিয়াল সমূহক শীঘ্ৰে বেদখলমুক্ত কৰিবলৈ আদেশ দিয়ে জোনাই বনবিভাগ আৰু আৰক্ষীয়ে ৷ চৰকাৰৰ বন বিভাগৰ কাগজে-কলমে 9,400 হেক্টৰ বনভূমি আগুৰি থকা কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত অবাধ বন ধ্বংস আৰু চিয়াং নদীৰ বান-খহনীয়াত ইতিমধ্যে কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 85 শতাংশ এলেকা নদীৰ বুকুত বিলীন হৈ যোৱাৰ পাছত কোনোমতে বাকী ৰৈছেগৈ পোন্ধৰশ হেক্টৰ এলেকাহে (Encroachment in Jonai Kobu Chapori) ৷

লগতে পঢ়ক: Unknown person cuts trees : ঘুনাসূতিত দুৰ্বৃত্তই কাটি তহিলং কৰিলে মনোৰঞ্জন টাইদে ৰোপণ কৰা বহু মূল্যবান গছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.