ETV Bharat / state

মূল্যবৃদ্ধি ৰোধৰ দাবীত ধেমাজিত আছুৰ বিক্ষোভ

author img

By

Published : Jul 26, 2021, 9:32 PM IST

ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে দেশ তথা ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ যাৰ বাবে দিশহাৰা হৈছে ৰাজ্যৰ সাধাৰণ জনতা ৷ ইয়াৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত ধেমাজিত আছুৱে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

aasu-protest-against-price-hike-of-essential-goods-in-dhemaji
মূল্যবৃদ্ধি ৰোধৰ দাবীত ধেমাজিত আছুৰ বিক্ষোভ

ধেমাজি, 26 জুলাই : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ক'ভিডৰ ভয়াৱহ ৰূপ ৷ ক'ভিড পৰিস্থিতিৰ গ্ৰাসত পৰি সম্প্ৰতি জীৱিকাৰ পথ হেৰুৱাইছে দেশ তথা ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে ৷ ইয়াৰ মাজতে দেশজুৰি ভয়াৱহভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ যাৰ বাবে দিশাহাৰা হৈছে সাধাৰণ জনতা ৷

পেট্ৰ’ল, ডিজেল, মিঠাতেল আৰু অন্যান্য নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত সোমবাৰে ধেমাজি সদৰৰ থানা তিনিআলিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ধেমাজি জিলা আছুৱে ৷ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, যোগান মন্ত্ৰী ৰণজিৎ দাস মুৰ্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ হায় হায়, অসম চৰকাৰৰ কাম নাই আদি শ্লোগানেৰে আকাশ-বতাহ কঁপাই তোলে ৷ প্ৰতিবাদৰ পিছতে আছুৱে সংবাদ মাধ্যমৰ জৰিয়তে মূল্যবৃদ্ধিৰ সন্দৰ্ভত চৰকাৰৰ নিৰ্লিপ্ততাক তীব্ৰ গৰিহণা দিয়ে ৷ লগতে এই মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে জংগী আন্দোলন কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰে ৷

মূল্যবৃদ্ধি ৰোধৰ দাবীত ধেমাজিত আছুৰ বিক্ষোভ

লগতে পঢ়কঃ আমগুৰিত বেকী নদীৰ বিধ্বংসী খহনীয়া

সোমবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধেমাজি সদৰৰ উপৰিও ধেমাজি জিলাৰ মাছখোৱা, গোগামুখ, বৰদলনি, ডিমৌ, চিলাপথাৰ, চিমেন চাপৰি, জোনাই, তেলেম, ডেকাপাম, জীয়াধলতো প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ উল্লেখ্য যে, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সমগ্ৰ অসমৰ লগতে ধেমাজিবাসী ৰাইজকো জ্বলা-কলা খুৱাইছে ৷ এফালে ক'ভিডৰ ত্ৰাস, আনফালে মূল্যবৃদ্ধিৰ গ্ৰাসত পৰি দিশহাৰা হৈছে ধেমাজিবাসী ৰাইজ ৷

আনহাতে ভূতৰ ওপৰত দানহ পৰাদি বাৰিষাৰ বলিয়া বানে ক্ষতিগ্ৰস্ত কৰিছে ধেমাজি জিলাৰ বিস্তীৰ্ণ অঞ্চলৰ ৰাইজক ৷ বানৰ কবলত পৰি অনিষ্ট হৈছে ধেমাজিৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি ৷ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে বিভিন্ন সময়ত কংগ্ৰেছকে ধৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পাছতো নিৰ্বিকাৰ হৈ আছে ৰাজ্য চৰকাৰ ৷

জনসাধাৰণৰ অভাৱ-অভিযোগ শুনিবলৈ যেন সময় নাই পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ৷ ক'ভিডে সৃষ্টি কৰা এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে অভাৱনীয় হাৰত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় মূল্যবৃদ্ধি যেন নতুন প্ৰত্যাহ্বান হৈ পৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ সাধাৰণ পৰিয়ালৰ বাবে ৷

লগতে পঢ়কঃ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে শিৱসাগৰত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.