ETV Bharat / state

AASU protest in Dhemaji: সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 8:54 PM IST

AASU protest in Gogamukh
NHPC বান্ধ বন্ধ কৰাৰ দাবীত বিক্ষোভ

গেৰুকামুখৰ NHPC ত পাহাৰ খহি সোৱণশিৰি নদীখন হঠাতে শুকাই যোৱাত নামনিত বাস কৰা জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷ তদুপৰি নদীখনত পুনৰ স্বাভাৱিক গতিত পানী নহা পৰ্যন্ত ধেমাজি জিলা প্ৰশাসনে নদীপৰীয়া ৰাইজক সৰ্তক হৈ থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷

NHPC বান্ধ বন্ধ কৰাৰ দাবীত বিক্ষোভ

ধেমাজি, ২৮ অক্টোবৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ বিৰুদ্ধে শনিবাৰে দুপৰীয়া আছুৰ ধেমাজি জিলা সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদীসকলে NHPC বান্ধ বন্ধ কৰা আৰু চৰকাৰ বিৰোধী দাবীৰে পৰিৱেশ উত্তাল কৰি তোলাত আৰক্ষীয়ে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰে । প্ৰতিবাদস্থলীতে আৰক্ষী আৰু আছু কৰ্মীৰ মাজত হতাহতি হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

NHPC বান্ধ বন্ধ কৰাৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতিত চেণ্ডেলৰ মালা পিন্ধাই দাহ কৰে । কালি নদীবান্ধত ভূমিস্খলনৰ ফলত বাঁওপাৰৰ ১ নং ডাইভাৰ্চন টাৰ্নেল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ ফলত নদীৰ জলপৃষ্ঠ অস্বাভাৱিক ভাৱে হ্ৰাস পোৱা দেখা গৈছিল । তাৰ পিছতেই আজি পুনৰ নদীবান্ধৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ছাত্ৰ সংগঠনটো । লখিমপুৰ,ধেমাজি,মাজুলীক নিমিষতে মানচিত্ৰৰ পৰা নিঃশেষ কৰি দিব পৰা জলবোমাটো ভাঙি দিবলৈ দাবী জনাইছে ধেমাজি জিলা ছাত্ৰ সন্থাই ।

প্ৰতিবাদকাৰীসকলে কয় যে উচ্চ প্ৰযুক্তিবিদ্যাৰ বহুৱালী দেখুওৱা বান্ধ কৰ্তৃপক্ষই ২০ বছৰে এখন পাহাৰকে সুৰক্ষিত ৰাখিব পৰা নাই,তেনেস্থলত জৈৱ-বৈচিত্ৰ্যক যে এদিন এই নদীবান্ধটোৱে ধ্বংশ কৰি দিব তাৰেই সোৱণশিৰি নদীয়ে কালিয়ে আভাস দিছিল । তাৰ পিছতেই চিন্তিত বান্ধৰ নামনিবাসী আৰু প্ৰকৃতিপ্ৰেমী সকল । নদীবান্ধ বিৰোধী প্ৰতিবাদলৈ ওলাই আহিল সংগঠনৰ সদস্যৰ লগতে শ-শ স্থানীয় ব্যক্তি ।

লগতে পঢ়ক:AASU react over NHPC : চৰকাৰে বিজ্ঞানৰ সত্যতাৰ সন্মুখীন হ'বলৈ সাহস গোটাওক : সমুজ্জল

প্ৰতিবাদকাৰীসকলে "বৃহৎ নদীবান্ধ বন্ধ কৰক","বান্ধ আমাক নালাগে","এন এইচ পি চি গ' বেক", "বিজেপি চৰকাৰ হুচিয়াৰ," আদি নদীবান্ধ আৰু চৰকাৰ বিৰোধী শ্ল'গানেৰে গোগামুখৰ প্ৰতিবাদস্থলী কঁপাই তোলে ।

লগতে পঢ়ক:Subansiri Dam : অস্বাভাৱিকভাৱে শুকাই গৈছে সোৱণশিৰিৰ বক্ষ; ভয়ংকৰ বিপদৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.