ETV Bharat / state

সত্তৰোৰ্ধৰ কৃষকে দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 5:17 PM IST

বয়সেও হাৰ মনাব নোৱাৰা এগৰাকী কৃষকৰ কৰ্মৰাজিয়ে অনুপ্ৰাণিত কৰিছে সকলোকে । ধেমাজিৰ কমাৰ গাঁৱৰ সত্তৰোৰ্ধৰ ব্যক্তি ডিম্বেশ্বৰ হাজৰিকাই কৃষি-কৰ্মৰে দাঙি ধৰিছে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন । বতৰৰ পাচলিৰ খেতি কৰি পৰিয়াল পোহপাল দিছে ডিম্বেশ্বৰ হাজৰিকাই ।

Man Self-reliant through agriculture in Dhemaji
সত্তৰোৰ্ধৰ কৃষকে দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন

সত্তৰোৰ্ধৰ কৃষকে দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন

ধেমাজি, ১৯ ডিচেম্বৰ: চফল ডেকাই কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ সময়ত স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এগৰাকী বৃদ্ধ ব্যক্তিয়ে । পথাৰো আমাৰ, বজাৰো আমাৰ কথাষাৰকে প্ৰতিপন্ন কৰিছে ধেমাজিৰ এগৰাকী নিৰক্ষৰ বৃদ্ধ কৃষকে ৷ সম্প্ৰতি কেইবাবছৰৰ পৰা খেতি কৰি সুন্দৰকৈ চলিছে আছে পৰিয়ালটো ৷

ধেমাজি উন্নয়ন খণ্ডৰ অধীনৰ কমাৰ গাৱঁৰ বাসিন্দা ডিম্বেশ্বৰ হাজৰিকা নামৰ সত্তৰোৰ্ধৰ লোকজনে এতিয়াও কৃষি কৰ্মৰ পৰা থমকি ৰোৱা নাই ৷ এতিয়াও এগৰাকী তৰুণৰ দৰেই বাৰিষা-খৰালি উভয় সময়ত বতৰৰ পাচলিৰ খেতি কৰি আহিছ ৷ বতৰৰ বিভিন্ন পাচলিৰ খেতিৰ উপৰিও কম মাটিতে তিনিটাকৈ সৰু খাল খান্দি বিশেষ পদ্ধতিৰে থলুৱা কাৱৈ, শিঙি আৰু মাগু মাছ পালন কৰি লাভান্বিত হৈছে ৷

কৃষকজনক কামত সহায় কৰে তেওঁৰ সহৰ্ধমিনী আৰু নাতিয়েকসকলে ৷ বৰ্তমান লোকজনৰ বাৰীত আছে লাই, মূলা, বেঙেনা , আলু,ফুলকবি, আদা, কেইবাটাও জাতৰ মিঠা আলু ৷ ইতিমধ্যে লাই বা মূলা বিক্ৰী কৰি শেষ হৈছে ৷ এতিয়া আলু আৰু বেঙেনা, ফুলকবি লহপহকৈ বাঢ়িছে । মাঘ বিহুৰ বাবে আদা আৰু চাৰিটা জাতৰ মিঠা আলু সাজু কৰিছে ডিম্বেশ্বৰ হাজৰিকাই ৷ সম্পূৰ্ণ থলুৱা জৈৱিক পদ্ধতিৰে খেতি কৰা বাবে কৃষকগৰাকীৰ বাৰীৰ পাচলি অতিশয় সোৱাদযুক্ত ৷

পাচলিত কেঁচুসাৰ আৰু খলিহৈ প্ৰয়োগ কৰি আহিছে ৷ সেয়ে তেওঁৰ বাৰীৰ পাচলি ধেমাজি বজাৰৰ উপৰিও লক্ষিমপুৰ চিলাপথাৰলৈ লৈ যায় ৷ শেহতীয়াকৈ লোকজনে মৌ পালন কামতো মনোনিৱেশ কৰিছে ৷ ইপিনে এই বৃদ্ধ বয়সতো কৃষি-কৰ্ম কৰি বছৰত লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা ডিম্বেশ্বৰ হাজৰিকাৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰই দিহা-পৰামৰ্শ দিয়াৰ উপৰিও কেঁচুসাৰৰ টেংকি দি উৎসাহিত কৰিছে ৷

কৃষি-কৰ্মৰ প্ৰতি আগ্ৰহী লোকসকলক, উঠি অহা যুৱ চামক হাতে-কামে শিকাই দিবলৈয়ো তেওঁ সদায় প্ৰস্তুত ৷ কিয়নো তেওঁৰ মতে মনত প্ৰৱল ইচ্ছা শক্তি থাকিলে কম মাটিতে নানা খেতি কৰি স্ব-নিৰ্ভৰশীল হৈ জীয়াই থাকিব পাৰি ৷ গতিকে বহুতৰ বাবে ধেমাজিৰ ডিম্বেশ্বৰ হাজৰিকা এজন আদৰ্শ কৃষক হৈ পৰিছে ৷

লগতে পঢ়ক: ৪১১ জন কৃষকে দুই হাজাৰ বিঘা সৰিয়হৰ খেতিৰে বুলিছে স্বাৱলম্বিতাৰ বাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.