৪১১ জন কৃষকে দুই হাজাৰ বিঘা সৰিয়হৰ খেতিৰে বুলিছে স্বাৱলম্বিতাৰ বাট

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 2:25 PM IST

thumbnail

বৰপেটা, ১৫ ডিচেম্বৰ : ৪১১ টা পৰিয়াল পোহপাল দিবলৈ খেতি পথাৰত নামি পৰিছে বৰপেটা কেওটকুছীৰ লুইতপৰীয়া কৃষি বিকাশ উৎপাদন কেন্দ্ৰৰ সদস্যসকল । প্ৰায় দুই হাজাৰ বিঘা মাটিত সৰিয়হৰ খেতি কৰি আৰ্থিকভাৱে স্বচ্ছল হ'বলৈ তেওঁলোক নামি পৰিছে পথাৰত । চাকৰিৰ মোহ পৰিহাৰ কৰি মনোনিৱেশ কৰিছে সৰিয়হৰ খেতিত । তেওঁলোকৰ পৰিশ্ৰমবোৰ যেন এতিয়া সাৰ্থক হোৱাৰ পথত ।

এতিয়া দুই হাজাৰ বিঘা মাটি সম্পূৰ্ণৰূপে হালধীয়া হৈ পৰিছে । অতি উন্নত ধৰণে গজালি মেলিছে সৰিয়হবোৰ । দুটা বছৰ ধৰি এই সংস্থাটোৱে সৰিয়হৰ খেতি কৰি আহিছে । যোৱা বছৰ ভবা ধৰণে বজাৰ দখল কৰিব পৰা নাছিল যদিও এইবাৰ তেওঁলোকে নিশ্চিতভাৱে বজাৰ দখল কৰিবলৈ সক্ষম হ'ব বুলি আশাবাদী । বৰ্তমানলৈকে বৰপেটা কৃষি বিভাগৰ পৰা যথেষ্ট পৰিমাণে সহায় লাভ কৰিছে বুলি জানিবলৈ দিয়ে ।  

যদি সৰিয়হৰ তেল উৎপাদন কৰা মেচিন কৃষি বিভাগে অনুমোদন জনায় তেতিয়া হয়তো তেওঁলোকে সৰিয়হৰ তেল উৎপাদন কৰি অধিক লাভৱান হোৱাৰ লগতে থলুৱা বজাৰখন দখল কৰিবলৈ সক্ষম হ'ব ৷ সেয়ে অসমৰ কৃষি বিভাগৰ মন্ত্ৰী আৰু জিলা কৃষি বিভাগক এইক্ষেত্ৰত কিছু সহায় কৰিবলৈ অনুৰোধ জনাইছে তেওঁলোকে ।

লগতে পঢ়ক: নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত 200 গৰাকী পুৰুষ মহিলাই ল’লে শৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.