ETV Bharat / state

ধেমাজিত বোমা বিস্ফোৰণত নিহতসকলৰ স্মৃতিত শোক দিৱস পালন

author img

By

Published : Aug 16, 2020, 8:45 PM IST

দেশৰ ৫৮ তম স্বাধীনতা দিৱসত ধেমাজিত সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত নিহত সকলক সুৱৰি স্মৃতি দিৱস পালন কৰা হয় ৷ উক্ত অনুষ্ঠানত প্ৰশাসনে সৰ্ব ধৰ্ম প্ৰাৰ্থনাসভা আয়োজন কৰাৰ লগতে হত্যা ,হিংসাৰ বিৰুদ্ধে শপত বাক্য পাঠ কৰোৱা হয় ৷

2004 Bomb blast Victims Remembrance At Dhemaji
ধেমাজিত বোমা বিস্ফোৰণত নিহত লোকৰ স্মৃতিত শোক দিৱস পালন

ধেমাজি , ১৬ আগষ্টঃ দেশ কপাঁই যোৱা ২০০৪ চনৰ ১৫ আগষ্টত দেশৰ ৫৮ তম স্বাধীনতা দিৱসত ধেমাজিত সন্ত্ৰাসবাদীয়ে বৰ্বৰভাৱে হত্যা কৰিছিল দহটি শিশু আৰু তিনিগৰাকীকৈ মহিলাক ৷ লগতে গুৰুতৰভাৱে আহত হৈছিল ২১ গৰাকী লোক ৷ ঘৰৰ পৰা স্বাধীনতা দিবসলৈ বুলি পুৱাই ওলাই অহা দহটি শিশু নিমিষতে বিস্ফোৰণত নিহত হৈছিল ৷ মুহুৰ্ততে ৰক্তাত্ত হৈ পৰিছিল ধেমাজি মহাবিদ্যালয়ৰ পেৰেড গ্ৰাউণ্ড ৷ ইয়াৰ পিছতে ৰাজ্যজুৰি সন্ত্ৰাসবাদৰ বিৰোধিতাৰে ধাৰাবাহিক প্ৰতিবাদৰ জোৱাঁৰ উঠিছিল ৷ উক্ত ঘটনাৰ প্ৰতিবাদত ১৬ আগষ্টৰ দিনটো সদৌ অসম ছাত্ৰ সন্থাই ১২ ঘন্টীয়া ধেমাজি জিলা বন্ধ ঘোষণা কৰিছিল ৷

ধেমাজিত বোমা বিস্ফোৰণত নিহত লোকৰ স্মৃতিত শোক দিৱস পালন

ইফালে দেওবাৰে ধেমাজি মহাবিদ্যালয়ৰ চৌহদত থকা নিহতৰ স্মৃতি সৌধ আৰু শিশু উৎকৰ্ষ সাধন কেন্দ্ৰৰ প্ৰাংগণত ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা শোক দিৱস পালন কৰা হয় ৷ উক্ত ঘটনাত নিহত লোকসকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পিছতে সৰ্বধৰ্ম প্ৰাৰ্থনা , হৰিনাম , জিকিৰ ,আদি পৰিৱেশন কৰে ৷ পিছত হত্যা, হিংসা আৰু সন্ত্ৰাসবাদ নিশেষ হোৱাৰ সংকল্পৰে শপত বাক্য পাঠ কৰায় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী আদিত্য হাজৰিকাই ৷ এই অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা উপায়ুক্ত নৰসিং পাৱাৰ , আৰক্ষী অধীক্ষক ধনঞ্জয় ঘানাৱটকে ধৰি বহু বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ ৷

2004 Bomb blast Victims Remembrance At Dhemaji
ধেমাজিত বোমা বিস্ফোৰণত নিহত লোকৰ স্মৃতিত শোক দিৱস পালন

লগতে পঢ়ক- পুলৱামাত উগ্ৰপন্থীয়ে হত্যা কৰিলে স্থানীয় নাগৰিকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.