ETV Bharat / state

Youth Congress Protest: চাকৰি কেলেংকাৰিত জড়িত বিজেপি নেতাক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 10:47 AM IST

Youth Congress Protest in Darrang
চাকৰি কেলেংকাৰিত জড়িত বিজেপি নেতাক গ্ৰেপ্তাৰৰ দাবীত দৰঙত প্ৰতিবাদ

দৰঙত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ ৷ চাকৰিৰ নামত ধন সংগ্ৰহত জড়িত বিজেপি নেতাক গ্ৰেপ্তাৰৰ দাবী প্ৰতিবাদকাৰী সকলৰ ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কিয় চাকৰি কেংকাৰিৰ সন্দৰ্ভত নিমাত ! প্ৰশ্ন যুৱ কংগ্ৰেছৰ ৷

চাকৰি কেলেংকাৰিত জড়িত বিজেপি নেতাক গ্ৰেপ্তাৰৰ দাবীত দৰঙত প্ৰতিবাদ

দৰং, 31 আগষ্ট : বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ পাচতে পোহৰলৈ আহিছে একাংশ বিজেপি নেতাই চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ তথ্য় ৷ তাৰ পাচতে বিজেপিক বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰিছে কংগ্ৰেছে ৷ চাকৰিৰ নামত বিজেপিৰ একাংশ নেতাই ধন সংগ্ৰহ কৰাৰ অভিযোগেৰে তুলি বুধবাৰে দৰং জিলা যুৱ কংগ্ৰেছে ৰূপায়ন কৰে প্ৰতিবাদ ৷ ধন সংগ্ৰহত অভিযুক্ত বিজেপি নেতাসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা লগতে কোন ওপৰ মহল জড়িত আছে তাৰো তথ্য প্ৰকাশ কৰাৰ দাবীৰে প্ৰতিবাদ কৰে যুৱ কংগ্ৰেছৰ কৰ্মীয়ে ৷

প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীৰ অভিযোগ, বিজেপিয়ে অসমত খুলিছে চাকৰিৰ ক'লা বজাৰ । দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰে বাজপেয়ী ভৱনত চাকৰিৰ বজাৰ খুলিছে ৷ শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ দিনত মহিলাই আত্মহত্যা কৰিব লগা পৰিস্থিতি আহি পৰিছে ৷ চাকৰিৰ নামত ধন সংগ্ৰহৰ নামত বিজেপিৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীৰ নাম প্ৰকাশ পোৱাৰ পিচতো মুখ্যমন্ত্ৰী গৰাকীয়ে কিয় নিৰৱ ! এই প্ৰশ্ন প্ৰতিবাদকাৰীৰ ৷

বিজেপি চৰকাৰ হায় হায়, শিক্ষামন্ত্ৰী হায় হায় আৰু চাকৰিৰ নামত দুৰ্নীতি বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে ৷ আনহাতে চাকৰি প্ৰদানৰ নামত ক'লা বজাৰ আৰু দুৰ্নীতি বন্ধ নকৰালৈকে কংগ্ৰেছে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি মন্তব্য কৰে দৰং জিলা যুৱ কংগ্ৰেছৰ সভাপতি আব্দুল্লাহ শ্বেখে ৷ তেওঁ কয় যে, চাকৰিৰ নামত ধন লোৱা তথ্য পোহৰলৈ অহা পাচতো কিয় নিমাত মুখ্যমন্ত্ৰী ! নিৱনুৱা সকলক কিয় অন্ধকাৰত ৰাখি এই দৰে চাকৰিৰ নামত বেহা কৰা হ’ল !

লগতে পঢ়ক: Embankment collapsed: ছিপাঝাৰত ননৈয়ে ছিঙিলে মথাউৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.