দৰঙত আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

author img

By

Published : Sep 26, 2022, 10:55 PM IST

Updated : Sep 26, 2022, 11:02 PM IST

Union Minister of State Pratima Bhoumik visit darang

দুদিনীয়া কাৰ্যসূচীৰে দৰং জিলাত উপস্থিত উদ্যোগ আৰু বাণিজ্য বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক ৷ দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে জিলাখনত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ তেওঁ এই সন্দৰ্ভত জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায় ।

মঙলদৈ, ২৬ ছেপ্টেম্বৰ: দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনাৰ বাবে সোমবাৰে মঙলদৈত উপস্থিত হয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক (Union Minister of State Pratima Bhoumik) ৷ দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কৰে (Darang DC office) ৷ আকাংক্ষিত জিলা প্ৰকল্পৰ অধীনত চলি থকা উন্নয়ণমূলক কাৰ্যসমূহৰ বিস্তৃতভাৱে পৰ্যালোচনা কৰি আঁচনি ৰূপায়ণৰ গতি অধিক ক্ষীপ্ৰ কৰাৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ফাইলৰ মেৰপেচত নোসোমোৱাকৈ থিতাতে কাম কৰাৰ বাবে বিষয়াসকলক আহ্বান জনায় । তেওঁ অংগনৱাড়ী কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি তথা আন দিশসমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিবলৈ আহ্বান জনায় । তেওঁ দিব্যাংগ লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে ব্যাখ্যা কৰি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে জনসাধাৰণৰ বাবে আগবঢ়োৱা আঁচনিসমূহৰ বিষয়েও উল্লেখ কৰে ৷

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক

আকাংক্ষিত জিলা প্রকল্পৰ সময় সাপেক্ষ ৰূপায়ণৰ ফলত জিলাখন বহুত ক্ষেত্ৰত নতুন আশা লৈ আগবাঢ়ি যাব বুলি তেওঁ কয় । ইয়াৰ লগতে তেওঁ পিছ পৰি থকা দিশসমূহৰ প্রদর্শনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ নির্দেশ দিয়ে । উল্লেখযোগ্য যে আকাংক্ষিত জিলা প্ৰকল্পৰ দ্বাৰা দেশৰ পিছ পৰি থকা জিলাসমূহৰ সামগ্রিক উন্নয়নৰ পথ সুচল কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে ।

ইয়াৰ অধীনত জিলা সমূহৰ মাজত প্রতিযোগিতামূলক ভাৱৰ জৰিয়তে ৫ টা অর্থ-সামাজিক ক্ষেত্ৰত যেনে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু জল সম্পদ, অর্থনৈতিক অর্ন্তভুক্তি আৰু কৌশল বিকাশ, আন্তঃগাঁথনিৰ ৪৯ টা মূল প্রদর্শন সূচাংকৰ (Key Performance Indicator) ডেল্টা ৰেংকিংত উন্নয়ণ সাধন কৰিবলৈ পদক্ষেপ গ্রহণ কৰে ।

সভাখনত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী, দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, জিলা উন্নয়ণ আয়ুক্ত শুভলক্ষ্মী ডেকা প্ৰমুখ্যে বিভিন্ন বিভাগৰ জিলা মুৰব্বীসকল উপস্থিত থাকে । কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে তেওঁৰ দৰং জিলা ভ্ৰমণকালত দৰং কৰ্কট চিকিৎসালয় আৰু মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ো পৰিদৰ্শন কৰে । মন্ত্ৰীগৰাকীয়ে মঙলবাৰে পুনৰ আকাংক্ষিত জিলাৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক: নিশা কাজিৰঙাত জীপ ছাফাৰীৰ বাবে আগতীয়াকৈ অনুমতি লোৱা হৈছিল: মন্ত্ৰী অতুল বৰা

Last Updated :Sep 26, 2022, 11:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.