ETV Bharat / state

দৰঙত বৃহৎ পৰিমাণৰ জালনোট জব্দ : আটক 2

author img

By

Published : Aug 1, 2021, 9:30 PM IST

two arrested with fake currency in darrang
দৰঙত বৃহৎ পৰিমাণৰ জালনোট জব্দ

দেওবাৰে মঙলদৈ ভেবাৰঘাট বাছ আস্থানৰ পৰা বৃহৎ পৰিমাণৰ জালনোট (Fake Currency) জব্দ কৰাৰ লগতে দুজনক আটক আৰক্ষীৰ ৷ জালনোটখিনি ৰঙিয়াৰ পৰা সংগ্ৰহ কৰা বুলি স্বীকাৰ আটকাধীন জালনোট ব্যৱসায়ীৰ ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে ব্যৱসায়ী দুজন ৷

মঙলদৈ, 1 আগষ্ট : দৰঙত দেওবাৰে বৃহৎ পৰিমাণৰ জালনোট (Fake Currency) জব্দ কৰাৰ লগতে দুজন লোকক জব্দ কৰে আৰক্ষীয়ে ৷ বিটিআৰ (BTR)ত চলা তীব্ৰ অপৰাধ বিৰোধী অভিযানত জালনোট ব্যৱসায়ী দুজনৰ পৰা মুঠ 2 লাখ 78 হাজাৰ টকা 500 টকা জব্দ কৰা হয় ৷ দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা (Sushanta Biswa Sarma)ৰ তৎপৰতাত জিলাখনত চলি আছে অপৰাধ বিৰোধী অভিযান ৷ দিনৰ প্ৰায় 12.30 বজাত এক গোপন সূত্ৰৰ পম খেদি উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰা (Pranjal Bora)ৰ নেতৃত্বত মঙলদৈ নগৰীয়া শাখাৰ আৰক্ষীৰ এটা দলে ৰফিকুল আলী আৰু জলিল আলী নামৰ জালনোট ব্যৱসায়ী দুজনক আটক কৰে ৷

দৰঙত বৃহৎ পৰিমাণৰ জালনোট জব্দ

লগতে পঢ়ক : ৰৌতাত বৃহৎ পৰিমানৰ গাঞ্জাসহ এজন সৰবৰাহকাৰীক আটক

মঙলদৈ ভেবাৰঘাট বাছ আস্থানৰ পৰা আটক হোৱা ব্যৱসায়ী দুজনৰ পৰা 557 খন 500 টকীয়া জালনোট আৰু এখন নম্বৰপ্লেট বিহীন মটৰ চাইকেল জব্দ কৰে আৰক্ষীয়ে ৷ উক্ত জালনোটখিনি ৰঙিয়াৰ পৰা সংগ্ৰহ কৰা বুলি স্বীকাৰ কৰে আটকাধীন ব্যৱসায়ী দুজনে ৷ সেই সূত্ৰে আৰক্ষীয়ে ৰঙিয়াত ক্ষীপ্ৰতাৰে অভিযান চলায় যদিও বৰ্তমানেও জালনোটৰ সৈতে জড়িত আন কোনো ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

বৰ্তমান আটকাধীন জালনোট ব্যৱসায়ী দুজনক মঙলদৈ থানাত ৰাখি সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : নাবালিকাক অপহৰণ কৰিবলৈ গৈ আৰক্ষীৰ জালত চাৰি যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.