ETV Bharat / state

COVID-19ত আক্ৰান্ত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনি গৰাকী চিকিৎসক

author img

By

Published : Jul 6, 2020, 1:56 PM IST

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনি গৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি । সম্প্ৰতি সম্পূৰ্ণ ছীল কৰি দিয়া হৈছে মঙলদৈ অসামৰিক চিকিৎসালয় ।

three doctors of mangaldoi civil hospital tested covid positive
three doctors of mangaldoi civil hospital tested covid positive

দৰং, 6 জুলাইঃ সোমবাৰে মঙলদৈত পুনৰ তিনি গৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি । মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডঃ যদুমনি কটকী, ডঃ বিনোদ কলিতা আৰু ডঃ হৰজ্যোতি ডেকাৰ দেহত COVID-19 পৰিজাভ পোৱা গৈছে । কিছুদিন পূৰ্বে চিকিৎসালয়খনৰে দন্ত বিভাগৰ এগৰাকী স্বাস্থ্যকৰ্মীও আক্ৰান্ত হৈছিল COVID-19ত । সম্প্ৰতি সম্পূৰ্ণ ছীল কৰি দিয়া হৈছে মঙলদৈ অসামৰিক চিকিৎসালয় । উল্লেখ্য যে, বৰ্তমানলৈ দৰং জিলাত 270 গৰাকী লোকলৈ বৃদ্ধি পাইছে COVID আক্ৰান্ত সংখ্যা । ইয়াৰ বিপৰীতে 107 লোক সুস্থ হৈ উঠিছে এই মহামাৰীৰ কবলৰ পৰা ।

COVID-19ত আক্ৰান্ত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনি গৰাকী চিকিৎসক
COVID-19ত আক্ৰান্ত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তিনি গৰাকী চিকিৎসক

লগতে পঢ়কঃ COVID 19ত আক্ৰান্ত হৈ মৃত্যু জেষ্ঠ বিজেপি নেতা ৰাম অৱতাৰ ভগতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.