ETV Bharat / state

স্বাধীনতা দিৱসত খাৰুপেটীয়াত মানৱীয় প্ৰমূল্যৰ অতুলনীয় নিদৰ্শন ৩ ভাতৃৰ

author img

By

Published : Aug 16, 2022, 6:26 PM IST

Kharupetia brothers great works
Kharupetia brothers great works

দৰঙৰ খাৰুপেটীয়াৰ অচিনতলা গাঁৱৰ তিনি ভাতৃ ক্ৰমে আলী হুছেইন, আলফেচ আলী আৰু আক্কাছ আলীয়ে কেইবাজনো মানসিক বিকাৰগ্ৰস্ত লোকৰ চুলি কাটি, গা ধুৱাই দি নতুন কাপোৰ পিন্ধিবলৈ দিয়াৰ লগতে খাদ্যৰো যোগান ধৰে (Three brothers served mentally challenged people in Kharupetia) ।

দলগাঁও, ১৬ আগষ্ট : দেশৰ স্বাধীনতাৰ ৭৬ সংখ্যক জয়ন্তীত দৰঙৰ খাৰুপেটীয়াত মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে তিনি ভাতৃয়ে (three brothers humanity at Kharupetia Darrang) । নিজৰ নিৰুদ্দিষ্ট ভাতৃক বিচাৰি ফুৰা আন তিনি ভাতৃয়ে গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী পদক্ষেপ । মানসিকভাৱে বিকাৰগ্ৰস্ত লোকক সেৱা-শুশ্ৰূষা কৰাত লাগে তিনি ভাতৃ (Three brothers served mentally challenged people) ।

স্বাধীনতা দিৱসৰ দিনা মানসিক বিকাৰগ্ৰস্ত লোকক চুলি কাটি, গা ধুৱাই পিন্ধাই দিয়ে নতুন কাপোৰ‌। লগতে খুৱালে খাদ্যও । এই তিনি ভাতৃয়ে কৰা এনে মহান কামৰ দৃশ্যই এতিয়া জিনিছে বহুতৰে হৃদয় (76th Independance day of India)।

স্বাধীনতা দিৱসত খাৰুপেটীয়াত মানৱীয় প্ৰমূল্যৰ অতুলনীয় নিদৰ্শন ৩ ভাতৃৰ

উল্লেখ্য, ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত খাৰুপেটীয়া-দলগাঁৱৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰা মানসিক বিকাৰগ্ৰস্ত লোকক সেৱা-শুশ্ৰূষা কৰাত ব্যস্ত হৈ পৰে ‌ খাৰুপেটীয়াৰ তিনি ভাতৃ । ত্ৰিভাতৃয়ে খাৰুপেটীয়া তথা দলগাঁৱত মানসিকভাৱে বিকাৰগ্ৰস্ত তথা সকলোৱে অৱহেলা আৰু ঘৃণাৰ চকুৰে চোৱা কেইবাজনো লোকক আগবঢ়ায় সেৱা-শুশ্ৰূষা (Care for mentally challenged people in Dalgaon) ।

কোনো দল-সংগঠনৰ সহায়-সহযোগ অবিহনেই সম্পূৰ্ণ নিজা খৰচত দৰঙৰ খাৰুপেটীয়াৰ অচিনতলা গাঁৱৰ তিনি ভাতৃ ক্ৰমে আলী হুছেইন, আলফেচ আলী আৰু আক্কাছ আলীয়ে কেইবাজনো মানসিক বিকাৰগ্ৰস্ত লোকৰ চুলি কাটি, গা ধুৱাই দি নতুন কাপোৰ পিন্ধিবলৈ দিয়াৰ লগতে খাদ্যৰো যোগান ধৰে । উল্লেখযোগ্য যে কেইবছৰমান পূৰ্বে মানসিক বিকাৰগ্ৰস্ত হৈ নিৰুদ্দেশ হৈছিল তেওঁলোকৰ ভাতৃ ।

নিজ ভাতৃক বিচাৰি হাহাকাৰ কৰি ফুৰা এই তিনি ভাতৃয়ে ৰাস্তাই-ঘাটে থকা তেনে ব্যক্তিসকলৰ দুৰ্দশা প্ৰত্যক্ষ কৰি গ্ৰহণ কৰে এই পন্থা । তেওঁলোকৰ আশা, এই পদক্ষেপেই হয়তো এদিন নিজৰ ভাতৃৰ সন্ধান দিব । নিজৰ ভাতৃৰ সন্ধানত‌ এনে ধৰণে ৰাস্তাই-ঘাটে অনাই-বনাই ঘূৰি ফুৰা দৰঙৰ মানসিক বিকাৰগ্ৰস্ত লোকসকলক ভৱিষ্যতে পৰ্যায়ক্ৰমে এনে সেৱা আগবঢ়াব বুলিও কয় পেছাত মাছ ব্যৱসায়ী আলী হুছেইন নামৰ যুৱকজনে ।

উল্লেখ্য, ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৰূপায়ণত সকলো স্তৰৰ লোক ব্যস্ত হৈ থকাৰ সময়তে খাৰুপেটীয়াৰ তিনি ভাতৃৰ এনে কাৰ্ষই হৃদয় জিনিছে সকলোৰে (great work by three brothers won hearts of many) ।

লগতে পঢ়ক :বিহালীত স্বাধীনতা দিৱস উপলক্ষে ৰক্তদান কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.