ETV Bharat / state

দৰং জিলা প্ৰশাসনৰ কাম কাজক লৈ অসন্তুষ্ট পৰমানন্দ ৰাজবংশী

author img

By

Published : Nov 1, 2021, 8:03 PM IST

sipajhar-mla-paramananda-rajbanshi-is-unhaappy-with-darrang-district-administration
দৰং জিলা প্ৰশাসনৰ কাম কাজক লৈ অসন্তুষ্ট পৰমানন্দ ৰাজবংশী

দৰং জিলা প্ৰশাসনৰ কাম কাজক লৈ অসন্তুষ্ট ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী । জিলাখনত চলি থকা অবৈধ বেদখলকাৰী সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য বিধায়ক গৰাকীৰ ৷

দৰং, 1 নৱেম্বৰ : দৰং জিলা প্ৰশাসনৰ কাম কাজক লৈ অসন্তুষ্ট ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী । বিধায়ক গৰাকীয়ে কয় যে, দৰং জিলাখনক উন্নয়নৰ দিশে আগবঢ়াই নিবলৈ মুখ্যমন্ত্ৰী প্ৰমুখ্যে তেওঁৰ প্ৰবল ইচ্ছা আছে ৷ কিন্তু প্ৰশাসনে যি ধৰণেৰে কাম কৰিব লাগিছিল সেই ধৰণে কাম নকৰাৰ অভিযোগ বিধায়ক গৰাকীৰ ।

দৰং জিলা প্ৰশাসনৰ কাম কাজক লৈ অসন্তুষ্ট পৰমানন্দ ৰাজবংশী

মুখ্যমন্ত্ৰীয়ে দৰঙৰ সাংস্কৃতিক প্ৰকল্প এটাৰ কাম লিখি দিয়াৰ পিছতো জিলা উপায়ুক্তৰ কোনো খবৰ নাই বুলি বিস্ফোৰক মন্তব্য কৰে বিধায়কগৰাকীয়ে । ইপিনে দৰং জিলাত চলা উচ্ছেদ প্ৰসংগতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে । দলগাঁও সমষ্টি ইতিমধ্যে গ'ল, মঙলদৈ খন নাযাবৰ কাৰণে ধলপুৰ প্ৰকল্প জড়িত হৈ আছে বুলিও এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়ক গৰাকীয়ে ।

বেদখলকাৰী সন্দৰ্ভত তেওঁ কয় যে, মঙলদৈ চহৰৰ গাতে লাগি থকা দক্ষিণ আৰু পূব অঞ্চলৰ বিশাল অংশ বেদখকাৰীৰ কবলত পৰিছে । মুখ্যমন্ত্ৰীয়ে দলগাঁও সমষ্টি ঘূৰাই নাপাওঁ বুলি আগতেই কৈছিল বুলিও তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে । ইপিনে, কলাইগাঁও সমষ্টিতো কেঞ্চাৰ লাগিছে বুলিও মন্তব্য কৰে ছিপাঝাৰৰ বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক : ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰিলে ভৰিব লাগিব অতিৰিক্ত ধন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.