ETV Bharat / state

দুমুনিচকী হলী মেৰী ইন্টাৰনেচনেল স্কুলত বৰদিন উদযাপন

author img

By

Published : Dec 25, 2020, 7:21 AM IST

ৰাজ্যৰ আন প্ৰান্তৰ লগতে দৰং জিলাতো পালন কৰা হৈছে বৰদিন ৷ জিলাখনৰ দুমুনিচকী হলী মেৰী ইন্টাৰনেচনেল স্কুলত বৃহস্পতিবাৰেই বৰদিন ৷

Christmas celebrate
Christmas celebrate

দৰং, 25 ডিচেম্বৰ : আজি পবিত্ৰ বৰদিন ৷ সমগ্ৰ বিশ্বৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলে পালন কৰিছে ভগৱান যীশুৰ জন্মদিনটো ৷ অসমতো বৰদিন উপলক্ষে দেখা গৈছে ব্যাপক উছাহ ৷ ৰাজ্যৰ আন প্ৰান্তৰ লগতে দৰং জিলাতো পালন কৰা হৈছে বৰদিন ৷ জিলাখনৰ দুমুনিচকী হলী মেৰী ইন্টাৰনেচনেল স্কুলত বৃহস্পতিবাৰেই বৰদিন ৷

Christmas celebrate
দুমুনিচকী হলী মেৰী ইন্টাৰনেচনেল স্কুলত বৰদিন উদযাপন

ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক আৰু একাংশ স্থানীয় ৰাইজৰ সহযোগত উদযাপন কৰা প্ৰাক্ বৰদিনত বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ভাগ লয় ৷ প্ৰদৰ্শন কৰা হয় গীত, নৃত্য, অভিনয়কে ধৰি বিভিন্ন কলা-কৃষ্টি । ইকবাল ৰছিদ হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰে পৰা গুৰি ধৰোঁতা অঞ্চলটোৰ বিশিষ্ট ব্যক্তি বলবাহাদুৰ ছেত্ৰী, মহিবুল্লা আহমেদ, বৈতুল্লা আহমেদ, হৰেণ দাস, ৰতিকান্ত বৰদলৈ, আক্ৰাম হুছেইন আৰু মহেশ্বৰ ডেকাক সম্বৰ্ধনা জনোৱা হয় ৷

স্থানীয় শিক্ষিত যুৱক ৰাহুল আমিন শইকীয়াৰ তত্বাবধানত বিদ্যালয়খনত এনে অনুষ্ঠানৰ উদযাপনে শিক্ষাৰ্থী শিশুসকলৰ বৌদ্ধিক আৰু আধ্যাত্মিক উত্তৰণত সহায়ক হ'ব বুলি অভিমত ব্যক্ত কৰে একাংশ অভিভাৱকে ৷

লগতে পঢ়ক : পবিত্ৰ ৰাভালৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিমা পাণ্ডে বৰুৱা বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.