ETV Bharat / state

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ: দৰঙৰ ভোটকেন্দ্ৰত প’লিং বিষয়াৰ দল

author img

By

Published : Mar 30, 2021, 10:56 PM IST

দৰং জিলাৰ অন্তৰ্গত 53 টা ভোটকেন্দ্ৰলৈ মঙলবাৰে ৰাওনা হৈছে প্ৰিজাইডিং আৰু প’লিং বিষয়াৰ দল । দুৰ্গম চৰ অঞ্চলৰ ভোটকেন্দ্ৰসমূহলৈ যাতায়াত ব্যৱস্থা সুচল নোহোৱাৰ বাবে বিষয়াসকলক এদিন পূৰ্বে পঠিওৱাৰ ব্যৱস্থা কৰে জিলা প্ৰশাসনে ৷

polling-officers-going-to-voting-centers
দৰঙৰ ভোটকেন্দ্ৰত প’লিং বিষয়াৰ দল

দৰং, 30 মাৰ্চ : বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে দৰং জিলাৰ অন্তৰ্গত 53 টা ভোটকেন্দ্ৰলৈ মঙলবাৰে আগতীয়াকৈ ৰাওনা হৈছে ভোটগ্ৰহণৰ দায়িত্বত নিয়োজিত প্ৰিজাইডিং আৰু প’লিং বিষয়াৰ দল । জিলাখনৰ অতি দুৰ্গম চৰ অঞ্চলত অৱস্থিত উক্ত ভোটকেন্দ্ৰসমূহলৈ যাতায়াত ব্যৱস্থা সুচল নোহোৱাৰ বাবেই জিলা প্ৰশাসনে ভোটগ্ৰহণৰ দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰী সকলক এদিন আগতীয়াকৈ পঠিওৱাৰ ব্যৱস্থা কৰে ।

polling-officers-going-to-voting-centers
দৰঙৰ ভোটকেন্দ্ৰত প’লিং বিষয়াৰ দল

নিৰ্বাচনী বিষয়া ৰাজ বৰুৱাই জানিবলৈ দিয়া মতে, 66 নং ছিপাঝাৰ বিধানসভা সমষ্টিৰ 16 টা আৰু 67 নং মঙলদৈ (অনুসূচিত জাতি) বিধানসভা সমষ্টিৰ 37 টা ভোটকেন্দ্ৰলৈ প্ৰিজাইডিং-প’লিং বিষয়াৰ দল ৰাওনা হৈছে ।

উল্লেখ্য যে, এইসমূহ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাবলৈ যাতায়াতৰ বাবে চাৰিচকীয়া বাহন, ট্ৰেক্টৰ, নৌকা, ম’হৰ গাড়ী আদিৰো সহায় ল’বলগীয়া হৈছে ।

লগতে পঢ়ক: সৰুক্ষেত্ৰীত AIUDFত যোগদান বহুগৰাকী কংগ্ৰেছ নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.