ETV Bharat / state

ননৈ নৈৰ বাঢ়নী পানীত উটি গ'ল এজন : কেমেৰাত বন্দী দৃশ্য

author img

By

Published : Jul 12, 2020, 3:34 PM IST

Updated : Jul 12, 2020, 7:08 PM IST

nanai river flood broke embankment in darrang
ননৈ নৈৰ প্ৰৱল সোঁত

দৰঙত ননৈ নৈৰ বাঢ়নী পানীয়ে দেওবাৰে পাথৰিঘাটৰ আলিখাপাৰাত ভাগি নিয়ে মথাউৰি ৷ ভগ্ন মথাউৰিৰ পৰা পৰি এগৰাকী লোক পানীত উটি যায় ৷ কথমপি প্ৰাণ ৰক্ষা পৰে লোকগৰাকীৰ ৷

দৰং, 12 জুলাইঃ দৰঙত কালৰূপ ধাৰণ কৰিছে ননৈ নৈৰ বাঢ়নী পানীয়ে ৷ ফেনে ফোটোকাৰে বাঢ়ি অহা বাঢ়নী পানীৰ প্ৰৱল সোঁতে দেওবাৰে ছিগি নিয়ে ননৈ নৈ পূৱ পাৰৰ মথাউৰি ৷ ছিপাঝাৰৰ পাথৰিঘাটৰ আলিখাপাৰাত দেওবাৰে পুৱাৰ ভাগত বাঢ়নী পানীয়ে ভাগি নিয়ে মথাউৰিটো ৷ যাৰ ফলত সম্প্ৰতি জলমগ্ন হৈ পৰিছে পাথৰিঘাটৰ বিস্তীৰ্ণ অঞ্চল ৷ প্ৰায় 20 খনতকৈয়ো অধিক গাঁও ইতিমধ্যে জলমগ্ন হৈছে ৷

কথমপি প্ৰাণৰক্ষা ননৈ নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়া লোকৰ

ইয়াৰ মাজতে সংঘটিত হয় এক অঘটন ৷ আলিখাপাৰাৰ ভগ্ন মথাউৰিৰ পৰা পানীত পৰি উটি যায় এগৰাকী লোক ৷ পানীৰ প্ৰৱল সোঁতে লোকগৰাকীক উটুৱাই লৈ যায় যদিও কথমপি ৰক্ষা পৰে তেওঁৰ প্ৰাণ ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি, জলসম্পদ বিভাগৰ তৎপৰতাত মথাউৰিটো নিৰ্মাণ কৰি থকা হৈছিল যদিও, ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে সম্পূৰ্ণ হৈ নুঠিল মথাউৰিটো ৷ যাৰ বাবে দেওবাৰে পুৱা এনে ঘটনা সংঘটিত হ'বলৈ পায় ৷

লগতে পঢ়কঃ দিখৌমুখত বানৰ সংহাৰী ৰূপঃ জলমগ্ন 10 খনৰো অধিক গাওঁ

Last Updated :Jul 12, 2020, 7:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.