ETV Bharat / state

Mission Indradhanush:দৰঙত টীকাকৰণ সপ্তাহৰ শুভ উদ্বোধন

author img

By

Published : Aug 7, 2023, 8:04 PM IST

দৰঙত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০, টীকাকৰণ সপ্তাহৰ শুভ উদ্বোধন ৷

Mission Indradhanush Inauguration of vaccination week in Darrang
সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০

দৰং, 7 আগষ্ট : দৰঙত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০, টীকাকৰণ সপ্তাহৰ শুভ উদ্বোধন ৷ সোমবাৰে মঙলদৈ অসামৰিক চিকিৎসালয়ত আয়োজিত এক অনুষ্ঠানত দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে জিলাখনত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০, টীকাকৰণ সপ্তাহৰ শুভ উদ্বোধন কৰে ।

Mission Indradhanush
সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০

অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত গৰাকীয়ে কয় যে ০-৫ বছৰ বয়সৰ সকলো শিশুৰ টীকাকৰণ সুনিশ্চিত কৰাৰ বাবে এই অভিযান আৰম্ভ কৰা হৈছে । সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ ৰ অধীনত টীকাকৰণৰ পৰা দৰং জিলাৰ ০-৫ বছৰ বয়সৰ কোনো ল’ৰা ছোৱালী আৰু গৰ্ভৱতী মহিলা যাতে বাদ পৰি নাযায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই অভিযান সফল কৰি তুলিবলৈ তেওঁ স্বাস্থ্যকৰ্মীসকলৰ প্ৰতি আহ্বান জনায় ।

Mission Indradhanush
সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০

উল্লেখ্য যে, দৰং জিলাত এই অভিযানৰ অধীনত ২৯৩৫ টি শিশু আৰু ৬৭৭ গৰাকী গৰ্ভৱতী মহিলাৰ টীকাকৰণ কৰাৰ লক্ষ্য লোৱা হৈছে । ইয়াৰ বাবে জিলাখনৰ বিভিন্ন স্থানত মুঠ ২৭৮ টা টীকাকৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰ মাজৰে ৫৫ টা স্পৰ্শকাতৰ অঞ্চলত অৱস্থিত ।

Mission Indradhanush
সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০

সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ 5.0 এ নিয়মীয়া টীকাকৰণৰ পৰা বাদ পৰি ৰোৱা প্ৰতিটো শিশুকে টীকাকৰণৰ কৰোৱাৰ লক্ষ্য কৰি লৈছে ৷ প্ৰতিখন জিলাৰে পিছপৰা অঞ্চলসমূহৰ লোকসকল সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ 5.0জৰিয়তে উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰিছে জিলা স্বাস্থ্য বিষয়াসকলে ৷

সোমবাৰে জিলা আয়ুক্তগৰাকীয়ে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ আয়ুষ বহি:বিভাগৰো শুভ উদ্বোধন কৰে । আজিৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) গোপাল শৰ্মা, দৰং জিলাৰ যুটীয়া সেৱা সঞ্চালক নিৰ্মল কুমাৰ বেৰীয়া, জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Mission Indradhanush: নলবাৰীত মিছন ইন্দ্ৰধনুষ ৫.০ উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.