SBKF International Championship ত দুটাকৈ সোণৰ পদক দখল কুঞ্জলতাৰ

author img

By

Published : Aug 18, 2021, 10:07 AM IST

Updated : Aug 18, 2021, 10:19 AM IST

SBKF International Championship

লাভলীনাৰ পাচত এইবাৰ জিলিকিছে কুঞ্জলতা বড়ো ৷ নেপালত অনুষ্ঠিত SBKF International Championship 2021 ত দুটাকৈ সোণৰ পদক দখল কুঞ্জলতা বড়োৰ ৷

দৰং, 18 আগষ্ট : অসমবাসীৰ বাবে ভাল খবৰ ৷ খেলজগতৰ পৰা পুনৰ অসমলৈ আহিছে এই সুখবৰ ৷ নেপালত অনুষ্ঠিত SBKF International Championship ত দুটাকৈ সোণৰ পদক(Gold medal) দখলেৰে উজলিল দৰং-ওদালগুৰি সীমান্তৰ ভকতপাৰাৰ কুঞ্জলতা বড়ো ৷

বিগত ১০ আগষ্টৰ পৰা ১৫ আগষ্টলৈ নেপালত অনুষ্ঠিত হোৱা এই ক্ৰীড়া প্ৰতিযোগিতাত কুঞ্জলতাই 100 আৰু 200 মিটাৰ দৌৰত অংশগ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰে ৷ সৰুৰে পৰা ক্ৰীড়াজগতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছিল কুঞ্জলতা ৷ ইয়াৰ পূৰ্বেও কেইবাবাৰো কুঞ্জলতাই দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিদেশত অনুষ্ঠিত হোৱা ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক বুটলিবলৈ সক্ষম হৈছিল ৷

দুটাকৈ সোণৰ পদক দখল কুঞ্জলতাৰ

সমগ্ৰ ৰাজ্যবাসী লাভলীনাক লৈ ব্যস্ত হৈ থকাৰ মাজতে অহা এই খবৰে উৎফুল্লিত কৰিছে দৰং আৰু ওদালগুৰিবাসীক ।

লগতে পঢ়ক: লাভলীনালৈ অসম আৰক্ষীৰ ডি এছ পি পদ উপহাৰ চৰকাৰৰ

মঙলবাৰে খেল সামৰি স্ব-গৃহত উপস্থিত হয় কুঞ্জলতা ৷ তাৰ পাচতে ঢোলে-ডগৰে, গীত-নৃত্যৰ মাজেৰে আদৰি আনি ভকতপৰাত সম্বৰ্ধনা জনোৱা হয় খেলুৱৈগৰাকীক ৷ অঞ্চলবাসীৰ মৰম-আদৰ পাই আবেগিক হৈ পৰে কুঞ্জলতা ৷ সমান্তৰালকৈ কুঞ্জলতাক শুভেচ্ছা জনাবলৈ বাসগৃহত উপস্থিত হয় বিটিআৰ চৰকাৰৰ ভেৰগাঁৱৰ পৰিষদীয় সদস্য দাওবৈছা বড়ো ৷

কাৰ্যবাহী সদস্যগৰাকীয়ে ছেপ্তেম্বৰ মাহত খেলুৱৈগৰাকীক প্ৰদান কৰিব দুই লাখ টকাৰ আৰ্থিক সাহায্য ৷ এই আৰ্থিক ধনৰাশি কুঞ্জলতাই নৱ প্ৰজন্মৰ খেলুৱৈসকলৰ বাবে খৰচ কৰিব বুলি জানিবলৈ দিয়ে ৷ তদুপৰি বিটিআৰত এখনো উন্নত মানদণ্ডৰ ষ্টেডিয়াম নোহোৱাৰ কথা আক্ষেপেৰে প্ৰকাশ কৰে ৷ কুঞ্জলতাই জানিবলৈ দিয়া মতে, 2022 ত পুনৰ বিদেশলৈ খেলিবলৈ যাব ৷ যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: আকৌ পথাৰত নামিম, ভূঁই ৰুম : স্ব-গৃহত উপস্থিত হৈ ক’লে লাভলীনাই

Last Updated :Aug 18, 2021, 10:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.