ETV Bharat / state

Covid Vaccination Drive : কিয় ভেকচিন নল’লে মানিয়া কায়ে ?

author img

By

Published : Dec 3, 2021, 8:21 PM IST

Covid vaccination Drive
কিয় ভেকচিন নল’লে মানিয়া কায়ে ?

দৰঙৰ ঝাকুৱাপাৰা গাঁৱত এগৰাকী ব্যক্তিক ক’ৰণা প্ৰতিষেধক(covid 19 vaccine) প্ৰদান কৰিবলৈ গৈ স্বাস্থ্যকৰ্মীসকলৰ লগত ঘটিল এক আমোদজনক ঘটনা ৷ ভেকচিন ল’বলৈ অমান্তি হোৱা এজন ব্যক্তিক এদল মানুহে হেঁচি ধৰি বেজি দিবলৈ চলাইছে আপ্ৰাণ চেষ্টা ৷ কিন্তু লোকজন নাচোৰবান্দা, নলয় বেজি ৷ তাৰ পাছত কি হ’ল, চাওক এই প্ৰতিবেদন...

দৰং, 3 ডিচেম্বৰ : এশ শতাংশ ভেকচিন প্ৰদানৰ লক্ষ্যৰে ৰাজ্যত পূৰ্ণগতিত চলিছে হৰ ঘৰ দস্তক(Har Ghar Dastak at Darrang) কাৰ্যসূচী ৷ অভিযান ১০০ শতাংশ সফল কৰিবৰ বাবে ক’ৰণাৰ প্ৰতিষেধক ল’বলৈ আগ্ৰহী নোহোৱা ব্যক্তিসকলকো বাৰম্বাৰ অনুৰোধ কৰাৰ লগতে যিকোনো প্ৰকাৰে প্ৰতিষেধক দিবলৈ অপ্ৰাণ চেষ্টা কৰিছে স্বাস্থ্য কৰ্মীসকলে ৷ তেনে সময়তে দৰঙৰ ঝাকুৱাপাৰা গাঁৱত এগৰাকী ব্যক্তিক ভেকচিন দিবলৈ গৈ এক আমোদজনক তথা অস্বস্তিকৰ পৰিবেশৰ সন্মুখীন হয় স্বাস্থ্যকৰ্মীৰ দলটো ৷

মানিয়া কায়ে নল’লে ভেকচিন

ব্যক্তিজন দৰঙৰ ঝাকুৱাপাৰা গাঁৱৰ বাসিন্দা মনিয়া কাই ৷ ভেকচিন ল’বলৈ কোনোমতে সন্মত নহয় মানিয়া কাই ৷ অৱশেষত মানিয়া কাইক এদল মানুহে হেঁচি ধৰি বেজি দিবলৈ চলাই আপ্ৰাণ চেষ্টা ৷ কিন্তু মানিয়া কাই নাচোৰবান্দা, বেজি নলয় ৷ কান্দিছে, চিঞৰিছে মুঠতে কোনো পৰিস্থিতিতে বেজি নলয় মানিয়া কায়ে ৷ অৱশেষত বেজি নিদিয়াকৈয়ে উভতিল স্বাস্থ্যকৰ্মী ৷ মনিয়া কাইক ক’ৰণা ভেকচিন প্ৰদানক লৈ ঘটা এই আমোদজনক সমগ্ৰ দৃশ্য বন্দী হ’ল প্ৰত্যক্ষদৰ্শীৰ মোবাইল কেমেৰাত ৷

লগতে পঢ়ক : কলিয়াবৰত ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ গৈ প্ৰশাসনৰ লোকৰ অথন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.