ETV Bharat / state

দৰঙৰ চাৰিটা বিধান সভা সমষ্টিলৈ নিৰ্বাচনী জাননী জাৰি

author img

By

Published : Mar 5, 2021, 10:48 PM IST

দৰঙৰ চাৰিটা বিধান সভা সমষ্টিলৈ নিৰ্বাচনী জাননী জাৰি
দৰঙৰ চাৰিটা বিধান সভা সমষ্টিলৈ নিৰ্বাচনী জাননী জাৰি

শুকুৰবাৰে দৰং জিলাৰ চাৰিটা বিধানসভা সমষ্টিলৈ জাৰি কৰিছে নিৰ্বাচনী বিশেষ জাননী । জাননী অনুসৰি, মনোনয়ন পত্ৰ প্ৰাৰ্থীয়ে নাইবা তেওঁৰ যিকোনো এজন প্ৰস্তাৱকে সংশ্লিষ্ট বিধানসভা সমষ্টিৰ ৰিটাৰ্নিং বিষয়া নতুবা সহকাৰী ৰিটাৰ্নিং বিষয়াৰ ওচৰত ১২ মাৰ্চ তাৰিখৰ ভিতৰত দাখিল কৰিব পাৰিব ৷ ৰাজহুৱা বন্ধৰ বাহিৰে যিকোনো দিনত দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ ।

মঙলদৈ, ৫ মাৰ্চ: দৰং জিলাৰ চাৰিটা বিধানসভা সমষ্টি মঙলদৈ,ছিপাঝাৰ, কলাইগাঁও আৰু দলগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰে জাৰি কৰিছে নিৰ্বাচনী বিশেষ জাননী । জাননী অনুসৰি, মনোনয়ন পত্ৰ প্ৰাৰ্থীয়ে নাইবা তেওঁৰ যিকোনো এজন প্ৰস্তাৱকে সংশ্লিষ্ট বিধানসভা সমষ্টিৰ ৰিটাৰ্নিং বিষয়া নতুবা সহকাৰী ৰিটাৰ্নিং বিষয়াৰ ওচৰত ১২ মাৰ্চ তাৰিখৰ ভিতৰত দাখিল কৰিব পাৰিব ৷ ৰাজহুৱা বন্ধৰ বাহিৰে যিকোনো দিনত দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ ।

উল্লেখ্য যে,৬৭ নং মঙলদৈ ( অনুসূচীত জাতি ) বিধানসভা সমষ্টিৰ বাবে উপায়ুক্ত কাৰ্যালয়ৰ এক নং কোঠাত জিলা উপায়ুক্ত তথা ৰিটাৰ্নিং বিষয়া দিলীপ কুমাৰ বৰা (আই এ এছ ) নাইবা সহকাৰী ৰিটাৰ্নিং বিষয়া নয়নজ্যোতি পাঠকৰ ওচৰত দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ ৷ একেদৰে ৬৮ নং দলগাঁও বিধানসভা সমষ্টিৰ বাবে উপায়ুক্ত কাৰ্যালয়ৰ দুই নং কোঠাত ৰমেন চন্দ্ৰ মালাকাৰ নাইবা সহকাৰী ৰিটাৰ্নিং বিষয়া সমীৰ চৌধুৰীৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব ৷

আনহাতে, ৬৫ কলাইগাঁও বিধানসভা সমষ্টিৰ বাবে আঠ নং কোঠাত অতিৰিক্ত উপায়ুক্ত বিজয় ভাস্কৰ ৰেড্ডী নাইবা সহকাৰী ৰিটাৰ্নিং বিষয়া ৰোনাভ ৰামছিয়াৰীৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰাৰ লগতে ৬৬ নং ছিপাঝাৰ সমষ্টিৰ প্ৰাৰ্থীয়ে পাঁচ নং কোঠাত শুভলক্ষী ডেকা নাইবা সহকাৰী ৰিটাৰ্নিং বিষয়া অমৰজ্যোতি নাথৰ ওচৰত মনোনয়ন দাখিল কৰিব পাৰিব ।

উল্লেখ্য যে, মনোনয়ন পত্ৰসমূহ ১৫ মাৰ্চত পৰীক্ষা কৰাৰ লগতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব ১৭ মাৰ্চত ।

লগতে পঢ়ক: কোন সমষ্টিত কাক প্ৰাৰ্থীত্ব দিলে বিজেপিয়ে... ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.