নিশা দলগাঁৱত চাডেন ভিজিট শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ

author img

By

Published : Oct 6, 2021, 2:02 PM IST

Ranoj Pegu visited at Dalgaon

২০২২ চনৰ ভিতৰত দলগাঁৱত থকা বিজ্ঞান শাখাৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত সংযোজন কৰা হ’ব স্নাতক কলা-বাণিজ্য শাখা । মঙলবাৰে দলগাঁৱত চাডেন ভিজিট দিবলৈ গৈ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কৰে এই ঘোষণা ৷

দলগাঁও, ৬ অক্টোবৰ : মঙলবাৰে দৰঙৰ দলগাঁও পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত উপস্থিত হয় শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু । নিশা প্ৰায় ১০ বজাত হঠাৎ দলগাঁৱত উপস্থিত হয় শিক্ষামন্ত্ৰী গৰাকী । বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা দলগাঁৱৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় পৰ্যবেক্ষণ কৰি বিভিন্ন সমস্যাসমূহৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ।

বৃহত্তৰ দলগাঁও সমষ্টিত স্নাতক পৰ্যায়ৰ কলা শাখাৰ বাবে নাই এখনো মহাবিদ্যালয় ৷ যাৰ বাবে জীয়াতু ভুগিছে ছাত্ৰ-ছাত্ৰী সকলে ৷ এই বাৰ্তা শিক্ষামন্ত্ৰীয়ে লাভ কৰাৰ পাচতেই তৎপৰতা প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে । উল্লেখ্য যে, আগন্তুক ২০২২ চনৰ ভিতৰত দলগাঁৱত থকা বিজ্ঞান শাখাৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত স্নাতক কলা আৰু বাণিজ্য শাখাৰ সংযোগ কৰা হ’ব ৷ এই আশ্বাস প্ৰদান কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ।

নিশা দলগাঁৱত চাডেন ভিজিট শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ

এই বাতৰি লাভ কৰাৰ পাচতেই স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে এতিয়া দৰঙৰ বিশেষকৈ দলগাঁৱৰ শিক্ষাৰ্থী সকল ৷ ইফালে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়খনো এশ এবুৰি সমস্যাৰে জৰ্জৰিত হৈ আছে ৷ তাৰ ভিতৰত বিশেষকৈ বিশুদ্ধ খোৱা পানীৰ অভাৱ । দীৰ্ঘদিন ধৰি ৰঙা চাহ সদৃশ পানী ব্যৱহাৰ কৰি আহিছে মহাবিদ্যালয় খনৰ শিক্ষকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে ।

দীৰ্ঘদিনীয়া এই সমস্যা অতি সোনকালেই সমাধান কৰা হ’ব বুলি জনাই শিক্ষামন্ত্ৰী গৰাকীয়ে । বিশুদ্ধ খোৱা পানী ব্যৱস্থাৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰীৰ আশ্বাসৰ উপৰিও এক মাহৰ ভিতৰতে মহাবিদ্যালয়খনত বিশুদ্ধ পানী উপলব্ধ হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে স্থানীয় বিধায়ক মজিবুৰ ৰহমানে । ইফালে খাৰুপেটীয়া মহাবিদ্যালয়ত ২০২১-২২ স্নাতক প্ৰথমবৰ্ষৰ নাম ভৰ্তিৰ পৰা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী বঞ্চিত হৈছে । যাৰ বাবে মঙলবাৰে শিক্ষামন্ত্ৰী গৰাকীক আমছু, এ এছ এছ পিয়ে এখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক: থাওৰাত কংগ্ৰেছক দুৰ্বল কৰিবলৈ বিজেপিয়ে অপপ্ৰচাৰ চলাইছে : মনোৰঞ্জন কোঁৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.