ETV Bharat / state

আৰক্ষীৰ জালত গভাইত ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Jun 24, 2020, 9:52 PM IST

খাৰুপেটীয়াত পুনৰ এজন গ্ৰেপ্তাৰ হ'ল ড্ৰাগছ সৰবৰাহকাৰী । 10 দিনৰ ভিতৰত অঞ্চলটোত দ্বিতীয়জন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ ।

Drugs Peddler Arrested at Kharupetia
Drugs Peddler Arrested at Kharupetia

দলগাঁও, 24 জুনঃ যোৱা 14 জুনত নিচা জাতীয় কফ্ ছিৰাপ সহ এজন লোকক গ্ৰেপ্তাৰ কৰা ঘটনাৰ 10 দিনৰ পাছতেই পুনৰ খাৰুপেটীয়াৰ হাস্পটাল ৰোডৰ পৰা আৰক্ষীয়ে এক অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আন এজন ড্ৰাগছ সৰবৰাহকাৰীক । আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰী জন দিলৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে ।

খাৰুপেটীয়াত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰী দিলৱাৰ হুছেইনৰ ঘৰ খাৰুপেটীয়াৰ হাস্পটাল ৰোডত । দীৰ্ঘদিন ধৰি নিষিদ্ধ কফ্ ছিৰাপ সৰবৰাহ কাৰ্যত জড়িত হৈ আছিল লোকজন । অৱশেষত দৰঙৰ খাৰুপেটীয়া আৰক্ষীয়ে Narcotic Drugs and Psychotropic Substances (NDPS ) আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । বুধবাৰে জেললৈ প্ৰেৰণ কৰা হৈছে সৰবৰাহকাৰী দিলৱাৰ হুছেইনক ।

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.