ETV Bharat / state

মৃত্যুৰ ২২ দিনৰ পিছতো দৰং আৰক্ষীয়ে ন্যায় প্ৰদান কৰিব নোৱাৰাৰ অভিযোগ

author img

By

Published : Aug 18, 2022, 6:44 PM IST

Mangaldai
Mangaldai

এইবাৰ দৰং আৰক্ষীৰ বিৰুদ্ধে উঠিছে ন্যায় প্ৰদানত গাফিলতিৰ অভিযোগ (Darrang police accused of negligence in delivering justice)। মৃত্যুৰ ২২ দিনৰ পিছতো দৰং আৰক্ষীয়ে ন্যায় প্ৰদান কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে ।

মঙলদৈ, ১৮ আগষ্ট : শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Himanta Biswa Sarma) অপৰাধ আৰু অপৰাধজনিত ঘটনাসমূহৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক অধিক তৎপৰ হোৱাৰ নিৰ্দেশ দিছে । লগতে অপৰাধৰ বলি হোৱা লোকসকলক যিমান পাৰি সোনকালে ন্যায় প্ৰদানৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনাইছে । আনহাতে, এই ক্ষেত্ৰত সাধাৰণতে আৰক্ষী থানাসমূহত চলি অহা পৰম্পৰাগত ব্যৱস্থাবোৰৰ পৰা ওলাই আহি যিমান পাৰি সোনকালে গোচৰৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰো নিৰ্দেশ প্ৰদান কৰিছে । কিন্তু তাৰ পিছতো বহু ক্ষেত্ৰত ইয়াৰ সুফল যেন লাভ কৰা নাই ভুক্তভোগী লোকসকলে ।

এইবাৰ দৰং আৰক্ষীৰ বিৰুদ্ধে উঠিছে ন্যায় প্ৰদানত গাফিলতিৰ অভিযোগ (Darrang police accused of negligence in delivering justice)। মৃত্যুৰ ২২ দিনৰ পিছতো দৰং আৰক্ষীয়ে ন্যায় প্ৰদান কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে । যাৰ বাবে মঙলদৈ সদৰ থানাৰ সন্মুখতে (Mangaldoi Sadar police station) হুকহুকাই কান্দি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিবলৈ বাধ্য হয় এগৰাকী দুৰ্ভগীয়া মাতৃয়ে (unfortunate mother seek intervention of Chief Minister) ।

মৃত্যুৰ ২২ দিনৰ পিছতো দৰং আৰক্ষীয়ে ন্যায় প্ৰদান কৰিব নোৱাৰাৰ অভিযোগ

এই ক্ষেত্ৰত দৰং জিলাৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ৰ বিৰুদ্ধে তদন্তৰ গাফিলতিৰ আন এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (allegation of negligence in investigation against Darrang SP) । উল্লেখ্য, দৰং জিলাৰ হলৌচৌকাৰ গৰিয়াপাৰা গাঁৱৰ দীপশিখা দাসৰ এবছৰ পূৰ্বে সম্পূৰ্ণ সামাজিক নীতি-নিয়মেৰে বিবাহ সম্পন্ন হৈছিল ।

দীপশিখাই ছিপাঝাৰৰ গণেশকুঁৱৰী গাঁৱৰ মণ্টু ডেকাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । কিন্তু যোৱা ২৭ জুলাইত দীপশিখাই হঠাৎ ঘৰৰ ভিতৰতে ফেনত ওলমি আত্মহত্যা কৰা বুলি মাকৰ ঘৰৰ পৰিয়ালক জানিবলৈ দিয়ে । এই সন্দৰ্ভত মৃত দীপশিখা দাসৰ দেওৰেক গণেশ ডেকাক ছিপাঝাৰৰ আৰক্ষীয়ে আতক কৰি জে'ললৈ প্ৰেৰণ কৰিয়েই তদন্তৰ সামৰণি মাৰে ।

কিন্তু বৃহস্পতিবাৰে দীপশিখাৰ মাকৰ ঘৰৰ গাঁৱৰ ৰাইজ ওলাই আহি মঙলদৈ সদৰ থানাত উপস্থিত হৈ দীপশিখাৰ স্বামী মণ্টু ডেকা আৰু শাহুৱেক নিৰাময়া ডেকাক তৎকালীনভাৱে আটক কৰিবলৈ দাবী জনায় । আনহাতে, তদানীন্তন দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ৰ ওচৰলৈ পৰিয়ালৰ লোক যোৱাত অতি বেয়া ব্যৱহাৰ কৰা বুলি আজি সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰে । লগতে ধূলা কাণ্ডৰ তদন্তৰ দৰে গণেশকুঁৱৰী হত্যাকাণ্ডৰো তদন্তত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক :নাবালিকাক যৌন নিৰ্যাতন চলোৱাক লৈ উত্তপ্ত বৰপেটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.