ETV Bharat / state

গৰু চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ উঠিল ন-কংগ্ৰেছী নেত্ৰী মিৰা বৰঠাকুৰ

author img

By

Published : Feb 19, 2021, 10:50 AM IST

অসমত গৰু চিণ্ডিকেত চলি থকা বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰি আহিছে যদিও ইমান দিনে ৰাজ্য চৰকাৰে গুৰুত্ব দিয়া নাছিল ৷ শেহতীয়া ভাৱে বন্যপ্ৰাণী প্ৰেমী তথা সংসদ মেনকা গান্ধীয়ে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ অসমত চলি থকা গৰু চিণ্ডিকেত বন্ধ কৰিবলৈ ফোনযোগে অনুৰোধ জনোৱাৰ পাচতে সৰৱ হৈ উঠিল কংগ্ৰেছী নেত্ৰী মিৰা বৰঠাকুৰ ৷

গৰু চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ উঠিল ন-কংগ্ৰেছী নেত্ৰী মিৰা ঠাকুৰ
গৰু চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ উঠিল ন-কংগ্ৰেছী নেত্ৰী মিৰা ঠাকুৰ

দৰং,19 ফেব্ৰুৱাৰী: অসমত অবাধ হাৰত চলি থকা গৰু চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ উঠিল ন কংগ্ৰেছী নেত্ৰী মিৰা বৰঠাকুৰ ৷ শাসনলৈ অহাৰ পাচতে শাসকীয় দলটোৱে ৰাজ্যৰ পৰা চিণ্ডিকেটৰাজ নোহোৱা কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল যদিও পুনৰ ৰাজ্যত গঢ় লৈ উঠিছে গৰুৰ চিণ্ডিকেট ৷ প্ৰতিদিনে সীমান্তত অবাধে চলি আছে গৰুৰ বেহা ৷ শেহতীয়াভাৱে চৰকাৰে চিণ্ডিকেটৰাজ বন্ধ কৰিব নোৱাৰাৰ বাবে বিৰোধী দলৰ লগতে আন আন দল সংগঠনেও আঙুলি টোৱাইছে চৰকাৰৰ ফালে ৷

গৰু চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ উঠিল ন-কংগ্ৰেছী নেত্ৰী মিৰা ঠাকুৰ

একাংশৰ মতে, গৰুৰ চিণ্ডিকেটৰ ধনেৰেই চলি আছে ৰাজ্য চৰকাৰ ৷ অসমত গৰু চিণ্ডিকেত চলি থকা বুলি কংগ্ৰেছে অভিযোগ উত্থাপন কৰি আহিছে যদিও ইমান দিনে ৰাজ্য চৰকাৰে গুৰুত্ব দিয়া নাই। শেহতীয়া ভাৱে বন্যপ্ৰাণী প্ৰেমী তথা সাংসদ মেনকা গান্ধীয়ে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ অসমত চলি থকা গৰু চিণ্ডিকেত বন্ধ কৰিবলৈ ফোনযোগে অনুৰোধ জনাইছিল ৷

শেহতীয়াভাৱে কংগ্ৰেছ নেত্ৰী মিৰা বৰঠাকুৰে দাবী উত্থাপন কৰি কয় যে বিজেপিৰ আমোলত গৰু চিণ্ডিকেট, চুপাৰী চিণ্ডিকেটকে ধৰি কয়লা চিণ্ডিকেটে চৰম সীমা অতিক্ৰম কৰিছে ৷ অসমৰ ৰাইজে আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰক উচিত উত্তৰ দিব লাগিব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: ৰামৰ নাম লৈ গৰুৰ ছিণ্ডিকেট চলায় বিজেপিয়ে: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.