ETV Bharat / state

গৰুখুটি কৃষি প্ৰকল্পৰ ভূমি পূজন সম্পন্ন

author img

By

Published : Jul 21, 2021, 10:41 PM IST

Garukhuti agriculture Project
গৰুখুটি কৃষি প্ৰকল্পৰ ভূমি পূজন কৰিলে পদ্ম হাজৰিকাই

গৰুখুটি কৃষি প্ৰকল্পৰ ভূমি পূজন আনুষ্ঠানিকভাৱে সম্পন্ন কৰা হয় ৷ পদ্ম হাজৰিকাই আনুষ্ঠানিকভাৱে ভূমি পূজন কৰে এই প্ৰকল্পৰ ৷ প্ৰকল্পটোৰ বাবে ধাৰ্য কৰা হৈছে 9 কোটি 69 লাখ টকা ৷

দৰং, 21 জুলাই: বুধবাৰে আনুষ্ঠানিকভাৱে সম্পন্ন কৰা হয় দৰং জিলাৰ গৰুখুটি কৃষি প্ৰকল্পৰ ভূমি পূজন ৷ এই উপলক্ষে গৰুখুটি কৃষি প্ৰকল্পস্থলীত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অসম চৰকাৰে কৃষি প্ৰকল্প স্থাপন কৰা উদ্দেশ্যে পদ্ম হাজৰিকাক অধ্যক্ষ হিচাপে লৈ এখন সমিতি গঠন কৰিছিল এই সমিতিয়ে ইতিমধ্যে কেইবাখনো কৃষিকেন্দ্ৰীক আঁচনি গ্ৰহণ কৰিছে ৷ সেই অনুসৰি, বুধবাৰে অধ্যক্ষ পদ্ম হাজৰিকাই গৰুখুটিৰ কৃষি প্ৰকল্পৰ ভূমি পূজন কৰে ৷

গৰুখুটি কৃষি প্ৰকল্পৰ ভূমি পূজন কৰিলে পদ্ম হাজৰিকাই

বুধবাৰে আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে কৃষি প্ৰকল্প স্থাপনৰ বাবে গঠন কৰা সমিতিৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ লগতে বিধায়ক পৰমানন্দ ৰাজবংশী ৷ ভূমি পূজন কৰি হাজৰিকাই উক্ত প্ৰকল্পত মৎস্য উৎপাদন, হাহঁ কুকুৰা উৎপাদন, দুগ্ধ উৎপাদন, জৈৱিক শাক পাচলি উৎপাদনৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে । অহা তিনি মাহৰ ভিতৰত প্ৰকল্পটো উৎপাদনক্ষম কৰি গঢ়ি তোলা হ'ব বুলি মন্তব্য প্ৰকাশ কৰে পদ্ম হাজৰিকাই ৷ আনহাতে, নিজে টেক্টৰ চলাই কৃষি কাৰ্যৰ শুভাৰম্ভণি কৰে পদ্ম হাজৰিকাই ৷

উল্লেখ্য যে, দৰং জিলাৰ গৰুখুটিৰ কেইবা বিঘা ভূমি অবৈধ বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰা হৈছে ৷ বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত উক্ত ভূমিতে কৃষি প্ৰকল্প নিৰ্মাণৰ বাবে অসম চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰে ৷ জানিব পৰা মতে কৃষি প্ৰকল্পটোৰ মুঠ মাটি কালি হৈছে 77,420 বিঘা ৷ জানিব পৰা মতে, গৰুখুটিত কৃষি প্ৰকল্প গঢ়ি তোলাৰ বাবে অসম চৰকাৰে 9 কোটি 60 লাখ টকা ধাৰ্য কৰিছে ৷

লগতে পঢ়ক: মৰাণত উকা হৈ ৰ'ল সকলো ঈদগাহ ময়দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.