ETV Bharat / state

অশ্ৰুসিক্ত নয়নেৰে পুনৰ উচ্ছেদ নোহোৱাৰ বাবে দোৱা কৰিছে আজমলে

author img

By

Published : Oct 17, 2021, 8:41 PM IST

badarudin-ajmal-helping-family-members-of-victims-of-garukhuti-incident
অশ্ৰুসিক্ত নয়নেৰে পুনৰ উচ্ছেদ নোহোৱাৰ বাবে দোৱা কৰিছে আজমলে

গৰুখুটিৰ উচ্ছেদৰ ঘটনাত আহত আৰু নিহত লোকৰ পৰিয়ালক সাক্ষাৎ বদৰুদ্দিন আজমলৰ । নিহত লোকৰ পৰিয়াললৈ নগদ 2 লাখ টকা আৰু আহত লোকৰ পৰিয়াললৈ 10 হাজাৰ টকাকৈ সাহাৰ্য প্রদান ।

মঙলদৈ, 17 অক্টোবৰ : গৰুখুটিৰ উচ্ছেদত সংঘটিত হোৱা হিংসাত্মক ঘটনাই ইতিমধ্যে, এটা মাহৰ অধিক সময় পাৰ কৰিছে ৷ দেওবাৰে দৰঙত উপস্থিত হৈ গৰুখুটিৰ উচ্ছেদিত লোক সকলৰ কাষত থিয় দিলে AIUDF দলৰ নেতা মৌলানা বদৰুদ্দিন আজমল । উচ্ছেদিত লোকৰ কাষত থিয় হৈ দেওবাৰে হুকহুকাই কান্দি উঠিল বদৰুদ্দিন আজমলে । এই উচ্ছেদৰ দৰে যাতে পুনৰ ক’তো কোনো ঠাইতে উচ্ছেদ নহয় তাৰে কামনা কৰে এই ইউ ডি এফৰ নেতা গৰাকীয়ে ।

অশ্ৰুসিক্ত নয়নেৰে পুনৰ উচ্ছেদ নোহোৱাৰ বাবে দোৱা কৰিছে আজমলে

উল্লেখযোগ্য যে, এটা ব্যক্তিগত নিমন্ত্ৰণ মৰ্মে মঙলদৈ গৈ দেওবাৰৰ দিনটোত আৱৰ্ত ভৱনত উপস্থিত হৈছিল AIUDF ৰ সভাপতি বদৰুদ্দিন আজমল । ইয়াৰ পিছতে তেওঁ গৰুখুটিৰ উচ্ছেদৰ ঘটনাত আহত আৰু নিহত লোক সকলৰ পৰিয়াল সমূহক সাক্ষাৎ কৰে । পৰিয়াল সমূহক সাক্ষাৎ কৰি তেওঁ নিহত লোকৰ পৰিয়াললৈ নগদ 2 লাখ টকা আৰু আহত সকলৰ পৰিয়াললৈ 10 হাজাৰ টকাকৈ সাহাৰ্য প্ৰদান কৰে ।

এই ঘটনা সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে, অসমত কোনো কাৰণত যেন উচ্ছেদ নহয় তাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিছে তেওঁ ৷ ইয়াৰ লগতে ই এক নজিৰ বিহীন ঘটনা বুলিও অভিহিত কৰিলে বদৰুদ্দিন আজমলে ।

আনহাতে, উপ-নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি আজমলে কয় উপ-নিৰ্বাচনত দুখন আসনতেই AIUDF যে জয়লাভ কৰিব । বাকী তিনিটা সমষ্টিত ৰাইজক বিবেক ভোট আৰু ধৰ্ম নিৰপেক্ষ দলক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় তেওঁ । ইয়াৰোপৰি, ভৱানীপুৰ সমষ্টিত কংগ্ৰেছ দলে BJP ক সহায় কৰিবলৈ প্ৰাৰ্থী দিছে বুলিও মন্তব্য কৰে আজমলে ।

লগতে পঢ়ক : ডাঃ মুকুল হাজৰিকাক ভাৰতলৈ পঠিয়াবলৈ তৎপৰ হৈছে ইউ কে চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.