ডাঃ মুকুল হাজৰিকাক ভাৰতলৈ পঠিয়াবলৈ তৎপৰ হৈছে ইউ কে চৰকাৰ

author img

By

Published : Oct 17, 2021, 7:00 PM IST

dr Mukul hazarikas extradition

পেছাত এগৰাকী চিকিৎসক হৈ যোৱা প্ৰায় পাঁচ বছৰ ধৰি লণ্ডনৰ পৰা সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ সভাপতিৰ দায়িত্বত থকা ডাঃ মুকুল হাজৰিকাক ভাৰতলৈ উভতাই পঠিয়াবলৈ আৰ্জি দিছে কেন্দ্ৰীয় চৰকাৰে ৷ সেই অনুসৰি, যাৱতীয় আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে বৃটেইন চৰকাৰে ৷

গুৱাহাটী , 17 অক্টোবৰ : আলফা (স্বাধীন)ৰ সভাপতিৰ পদটোক লৈ যোৱা পাঁচ বছৰৰো অধিককাল এক প্ৰকাৰ ৰহস্যৰ সৃষ্টি কৰি অহা ডাঃ অভিজিত অসম নামে ছদ্মবেশী ডাঃ মুকুল হাজৰিকাক ইউ কে চৰকাৰে ভাৰতলৈ পঠিয়াই দিবলৈ তৎপৰতা লৈছে ৷ ১৯৯২ চনতে দুই দেশৰ মাজৰ স্বাক্ষৰিত এক্সট্ৰাডিছন ট্ৰিটি অনুসৰি ভাৰত চৰকাৰে ডাঃ মুকুল হাজৰিকাক লণ্ডনৰ পৰা অনতি পলমে ভাৰতলৈ পঠিয়াই দিবলৈ আৰ্জি দিছে ৷ বিশেষ সূত্ৰৰ খবৰ অনুসৰি, ইতিমধ্যে বৃটিছ চৰকাৰৰ কেইবাটাও অনুসন্ধানকাৰী সংস্থাই লণ্ডনত চিকিৎসক হিচাবে কৰ্মৰত ডাঃ মুকুল হাজৰিকাক কেইবাবাৰো সোধপোছ কৰিছে আৰু আইন অনুসৰি তেওঁক ভাৰতলৈ পঠিয়াই দিবলৈ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

উল্লেখ্য যে, মধ্য অসমৰ কলিয়াবৰত জন্ম গ্ৰহণ কৰা মুকুল হাজৰিকাই ১৯৭২ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা‌ এমবিবিএছ ডিগ্ৰী লোৱাৰ পাচত লণ্ডনলৈ গুচি গৈছিল ৷ সূত্ৰটোৰ মতে, আলফাৰ তদানীন্তন সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ যোগেদি আলফাৰ সৈতে সম্পৰ্ক হৈছিল ডাঃ মুকুল হাজৰিকাৰ ৷ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ ‌‌বৰুৱাৰো অতি ঘনিষ্ঠ বুলি পৰিচিত হাজৰিকা শান্তি আলোচনাৰ নামত সংগঠনটো কাৰ্যত দুভাগ হৈ যোৱাৰ পিছত অধিক সক্ৰিয় হৈ পৰে ৷

কেৱল সেয়ে নহয়, ২০১৬ চনত ম্যানমাৰৰ টাগাত অনুষ্ঠিত আলফাৰ পাৰিষদীয় বৈঠকত ডাঃ হাজৰিকাই অংশগ্ৰহণ কৰিছিল বুলি‌ ইতিমধ্যে প্ৰকাশিত হৈছে ৷ মন কৰিবলগীয়া যে প্ৰায় একে সময়তে ডাঃ হাজৰিকাই ডাঃ অভিজিত অসম নাম লৈ আলফা- স্বাধীনৰ অধ্যক্ষৰো দায়িত্ব লয় ৷

‌এনে পৰিস্থিতিত ২০১৭ চনত এক বিশেষ অনুসন্ধানৰ পিছত এনআইএ গুৱাহাটীৰ আদালতত পৰেশ বৰুৱা, লণ্ডন নিৱাসী ডাঃ মুকুল হাজৰিকা আৰু জনৈক গগন হাজৰিকা নামৰ তিনিজন আলফা নেতাৰ বিৰুদ্ধে এক দীঘলীয়া অভিযোগনামা দাখিল কৰা হয় ৷ এই অভিযোগ নামাত তিনিওজনৰ বিৰুদ্ধে আনল'ফুল একটিভিটিজ (প্ৰিভেনছন) এক্ট ৰ ১৮, ১৮ এ, ১৮ বি আৰু ২০ ধাৰালৈ আঙুলিয়াই দিয়া‌ হয় ৷ কিন্তু, একে সময়তে অনুসন্ধানকাৰী সংস্থাটোৱে পৰেশ বৰুৱা আৰু গগন হাজৰিকা পলাতক বুলি ঘোষণ কৰাৰ সমান্তৰালকৈ সংগঠনটোৰ স্বয়ম্ভূ অধ্যক্ষ ডাঃ মুকুল হাজৰিকা ওৰফে ডাঃ অভিজিত অসম নাগৰিকত্ব সূত্ৰে লণ্ডনৰ বাসিন্দা বুলি উল্লেখ কৰে ৷

সূত্ৰটোৰ‌ মতে, ডাঃ মুকুল হাজৰিকাক বৃটিছ চৰকাৰে ভাৰতলৈ পঠিয়াই দিয়াৰ সিদ্ধান্তক কিছু পৰিমাণে হলেও আউল লগাবলৈ আজিৰে পৰা দুমাহৰ আগতে সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই এক বিবৃতিযোগে আলফা-স্বাধীনৰ অধ্যক্ষৰ পদবীটোত আচলতে কোনো মানুহেই নাই বুলি প্ৰচাৰ চলাইছিল ৷ কিন্তু, লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বেই কেন্দ্ৰীয় গৃহ বিভাগৰ সংস্থাই পৰ্যাপ্ত পৰিমানৰ তথ্য সংগ্ৰহ কৰি থৈছিল ৷ এই তথ্যৰ আধাৰতে ভাৰত চৰকাৰে ডাঃ মুকুল হাজৰিকাক অনতি পলমে ভাৰতলৈ উভোতাই পঠিওৱাতো বিচাৰিছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে ৷

উল্লেখযোগ্য যে, ৰাজ্যত ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে আলফা- স্বাধীনেৰে শান্তি আলোচনা বাস্তবায়িত হ'ব বুলি মন্তব্য কৰিছিল ৷ এই কথালৈ সঁহাৰি জনাই আলফা সেনাধ্যক্ষ পৰেশ বৰুৱায়ো চৰ্তহীনভাৱে যুদ্ধ বিৰতি ঘোষণা কৰে ৷ অতি লক্ষনীয়ভাৱে এই প্ৰক্ৰিয়াৰ লগত জড়িত হৈ আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহো ৷ তেনে অৱস্থাতে কেন্দ্ৰীয় চৰকাৰে ডাঃ মুকুল হাজৰিকাক উভতাই আনিবলৈ চেষ্টা কৰা আৰু পৰেশ বৰুৱাই ডাঃ হাজৰিকাৰ লগত সংগঠনটোৰ কোনো সম্পৰ্ক নাই বুলি প্ৰতিষ্ঠা কৰিব বিচৰা কাৰ্য লক্ষণীয় বুলি বিবেচিত হৈছে ৷

লগতে পঢ়ক : আলফাৰে শান্তি আলোচনা : পৰেশ বৰুৱাৰ অপেক্ষাত আৰু কিমান দিন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.