ETV Bharat / state

মঙলদৈত চিকিৎসালয়ৰ পৰা পলায়ন ক’ভিড আক্ৰান্ত অপৰাধী

author img

By

Published : Jun 5, 2021, 4:02 PM IST

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ (Mangaldoi Civil Hospital) পৰা পলায়ন আব্দুল গণি নামৰ এজন ৰোগী । চুৰি কাৰ্যত জড়িত আছিল আব্দুল গণি । আব্দুলক বিচাৰি মঙলদৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

covid patient escape
মঙলদৈত চিকিৎসালয়ৰ পৰা পলায়ন ক’ভিড আক্ৰান্ত অপৰাধী

মঙলদৈ, ৫ জুন : ৰাজ্যত এতিয়াও অব্যাহত আছে কৰ'ণা (Corona) ৰ সংক্ৰমণ । যাৰ বাবে স্বাস্থ্য বিভাগে সম্পূৰ্ণ শিথিল কৰা নাই সান্ধ্য আইনৰ নীতি নিৰ্দেশনা । অসম চৰকাৰে শুকুৰবাৰে পুনৰ এক নতুন এছ অ' পি (SOP) জাৰি কৰিছে । ইয়াৰ মাজতে মঙলদৈত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । চিকিৎসালয়ৰ পৰা পলায়ন কৰিলে এগৰাকী ক’ভিড ৰোগীয়ে । মঙলদৈৰ অসামৰিক চিকিৎসালয় (Mangaldoi Civil Hospital)ৰ পৰা পলায়ন আব্দুল গণি নামৰ ৰোগীজনৰ ।

উল্লেখ্য যে, চুৰি কাৰ্যত জড়িত আছিল আব্দুল গণি । ন্যায়িক জিম্মালৈ প্ৰেৰণৰ সময়তে ক'ভিড (Covid 19) ত আক্ৰান্ত হৈছিল আব্দুল গণি । যাৰ বাবে ক’ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল চুৰি কাৰ্যৰ অভিযুক্ত আব্দুলক । কিন্তু শনিবাৰে হাস্পতালৰ পিছ ফালৰ দুৱাৰ ভাঙি পলায়ন কৰে অভিযুক্ত চোৰটোৱে ।

সম্প্ৰতি অভিযুক্ত আব্দুলক বিচাৰি মঙলদৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । জানিব পৰা মতে আব্দুল গণিৰ নামত মঙলদৈ থানাত ২২৯/২১ নম্বৰত ৰুজু হৈ আছে এটা গোচৰ ।

লগতে পঢ়ক:নাহৰকটীয়াৰ বাঁহধাৰীত উদ্ধাৰ দুস্প্ৰাপ্য অজগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.