ETV Bharat / state

পবিত্ৰ ৰাভালৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিমা পাণ্ডে বৰুৱা বঁটা

author img

By

Published : Dec 24, 2020, 9:27 PM IST

অভিনেতা পবিত্ৰ ৰাভাই আমাৰ গাঁও নামেৰে এখন চৌহদ সাজি খৰ্বকায় লোক সকলক নাটক শিকাই দেশৰ বিভিন্ন প্ৰান্তত মঞ্চস্থ কৰি আহিছে ৷ পবিত্ৰ ৰাভাৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ বাবে তেওঁক সদৌ অসম ছাত্ৰ সন্থাই নাট্যশিল্পী গৰাকীক প্ৰতিমা পাণ্ডে বৰুৱা বঁটা প্ৰদান কৰে কৰে ৷

aasu-pratima-pande-boruah-award-2020
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিমা পাণ্ডে বৰুৱা 2020 বঁটা ঘোষণা

মঙলদৈ, 24 ডিচেম্বৰ : বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ ২০২০ প্ৰতিমা পাণ্ডে বৰুৱা বঁটা প্ৰদান কৰা হয় নাট্যশিল্পী পবিত্ৰ ৰাভাক । ওদালগুৰি জিলাৰ টংলাৰ এখন সৰু গাঁৱৰ পৰা মায়া নগৰী মুম্বাইত বলিউডত প্ৰতিষ্ঠা লাভ কৰা পবিত্ৰ ৰাভা সৰুৰে পৰা নাট্যশিল্পৰ সৈতে জড়িত হৈ আছিল। দিল্লীৰ এন.এছ.ডি.ত প্ৰশিক্ষণপ্ৰাপ্ত পবিত্ৰ ৰাভাই বলিউডৰ কেইবাখনো জনপ্ৰিয় বোলছবিত অভিনয় কৰাৰ লগতে মিচন চাইনা, অধ্যায়, কাঞ্চনজংঘাৰ দৰে জনপ্ৰিয় অসমীয়া বোলছবিতো অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ।

সমাজে তাচ্ছিল্য কৰা খৰ্বকায় লোকসকলক লৈ পবিত্ৰ ৰাভাই আমাৰ গাঁও নামেৰে এখন চৌহদ সাজি খৰ্বকায় লোক সকলক নাটক শিকাই দেশৰ বিভিন্ন প্ৰান্তত মঞ্চস্থ কৰি আহিছে। পবিত্ৰ ৰাভাৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ বাবে ৰিয়েল হিৰো বঁটা বুটলিবলৈয়ো সক্ষম হৈছিল । বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই নাট্যশিল্পী গৰাকীক প্ৰতিমা পাণ্ডে বৰুৱা বঁটা প্ৰদান কৰে কৰে ।


লগতে পঢ়ক: মিজোৰামত ব্যতিক্ৰমী ৰূপত বৰদিন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.