ETV Bharat / state

ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিৰ্মাণ কৰিলে এখন দলং

author img

By

Published : Nov 30, 2020, 11:51 AM IST

a bridge built by small business man
ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিৰ্মাণ কৰিলে এখন দলং

গাঁঠিৰ ধনেৰে এগৰাকী ব্যৱসায়ী তথা সমাজ কৰ্মীয়ে নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং। ৰঙামাটি-কলাইগাঁৱৰ পৰা কামেইপাৰা হৈ হীৰাপাৰা সংযোগী পথৰ শাকতোলা নদীৰ ওপৰত নিৰ্মাণ কৰিলে এই দলংখন ।

দৰং, 30 নৱেম্বৰ : মঙলদৈৰ দুলাল হীৰা নামৰ এগৰাকী ব্যৱসায়ী তথা সমাজ কৰ্মীয়ে গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিলে এখন বাঁহৰ দলং। মঙলদৈৰ নিকটৱৰ্তী ৰঙামাটি-কলাইগাওঁ পৰা কামেইপাৰা হৈ হীৰাপাৰা সংযোগী পথৰ শাকতোলা নদীৰ ওপৰত নিৰ্মাণ কৰিলে এই দলংখন।

দীৰ্ঘদিন ধৰি এই দলং খনৰ অভাৱ অনুভৱ কৰি অহা ৰাইজে দলং খন নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আৱেদন নিবেদন কৰিছিল ৷ কিন্তু বিগত দিনত বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিৰ্মাণ কৰিলে এখন দলং

এনে পৰিস্থিতি অনুভৱ কৰি দলং খন নিৰ্মাণৰ বাবে আগবাঢ়ি আহিল দুলাল হীৰা নামৰ এই লোকজন ৷ সোমবাৰে এই দলং খন আনুষ্ঠানিক ভাৱে শুভাৰম্ভণি কৰে দুলাল হীৰাই। গতিকে সমাজসেৱক দুলাল হীৰাৰ এই মহানুভৱতাক শলাগ আৰু প্ৰশংসা কৰে স্থানীয় ৰাইজে।

লগতে পঢ়কঃখুমটাই সমষ্টিত নিচিহ্ন হোৱাৰ দিশে অগপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.