ETV Bharat / state

বিশেষভাৱে সক্ষম জেচমিন আৰা আহমেদৰ 'জেচমিনৰ ডায়েৰী' উন্মোচন

author img

By

Published : Feb 6, 2021, 10:15 AM IST

বিশেষভাৱে সক্ষম মঙলদৈ হাউলী মোহনপুৰৰ জেচমিন আৰা আহমেদৰ চতুৰ্থ খন গ্ৰন্থ 'জেচমিনৰ ডায়েৰী' বৃহস্পতিবাৰে উন্মোচন কৰা হয় ৷

বিশেষভাৱে সক্ষম জেচমিন আৰা আহমেদৰ 'জেচমিনৰ ডায়েৰী' উন্মোচন
বিশেষভাৱে সক্ষম জেচমিন আৰা আহমেদৰ 'জেচমিনৰ ডায়েৰী' উন্মোচন

মঙলদৈ,6 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে উন্মোচন কৰা হয় বিশেষভাৱে সক্ষম মঙলদৈ হাউলী মোহনপুৰৰ জেচমিন আৰা আহমেদৰ চতুৰ্থ খন গ্ৰন্থ 'জেচমিনৰ ডায়েৰী' ৷ 'জেচমিনৰ ডায়েৰী' উন্মোচন অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক,সাংবাদিক হোমেন বৰগোহাঞি,বিশিষ্ট সাহিত্যিক ডাঃ অঞ্জনজ্যোতি চৌধুৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি ইদ্ৰিছ আলী,বিশিষ্ট সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ,গুৱাহাটী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা ডাঃ ৰুবী কটকীকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি ৷

বিশেষভাৱে সক্ষম জেচমিন আৰা আহমেদৰ 'জেচমিনৰ ডায়েৰী' উন্মোচন

উল্লেখ্য যে,এসময়ৰ কোচ ৰজাৰ ৰাজধানী মঙলদৈ চহৰৰ নিকটৱৰ্তী হাউলী মোহনপুৰৰ নিবাসী চাহাবুদ্দিন আহমেদ আৰু গুলেজান বেগমৰ চতুৰ্থ সন্তান জেচমিন আৰা আহমেদ স্নায়ুৰোগত আক্ৰান্ত ৷ এই ৰোগত আক্ৰান্ত হোৱাৰ বাবে জেচমিন আৰা আহমেদে কথা কোৱাৰ বাদে শৰীৰৰ কোনো অংগই লৰচৰ কৰিব নোৱাৰে ৷ কিন্তু এই ৰোগৰ সকলো বাধাকো নেওচি বিচনাত আশ্ৰয় লৈ হ’লেও লিখি গৈছে ইখনৰ পাছত সিখন গ্ৰন্থ ৷ বিচনাত আশ্ৰয় লৈ হ’লেও শ্ৰুতলিপি দি কিতাপ লিখিবলৈ প্ৰয়াস কৰি গৈছে এই লেখিকা গৰাকীয়ে ৷

প্ৰবল মেধাৱ সম্পন্ন, এসময়ৰ এগৰাকী দক্ষ শিক্ষয়িত্ৰী হোৱাৰ লগতে এগৰাকী ভাল খেলুৱৈ আছিল এই গৰাকী লেখিকা ৷ এই গৰাকী লেখিকাই লিখি উলিওৱা গ্ৰন্থ কেইখন হৈছে 'মই জেচমিনে কৈছো','এদিনৰ ডায়েৰি','সপোন হেৰুওৱা নৈখন' আৰু ন কৈ প্ৰকাশিত গ্ৰন্থ 'জেচমিনৰ ডায়েৰী' ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ সভা বৰ্জন কৰিবলৈ চাহ শ্ৰমিকক আহ্বান আটছাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.