ETV Bharat / state

দৰঙত বৃহস্পতিবাৰৰ দিনটোত ১৩২ গৰাকী ক'ভিডত আক্ৰান্ত

author img

By

Published : May 6, 2021, 10:42 PM IST

দৰঙত বৃহস্পতিবাৰৰ দিনটোত ১৩২ গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত ৷ জিলাখনত ক'ভিডত আক্ৰান্তৰ সংখ্যা ১৫৭৩ গৰাকীলৈ বৃদ্ধি ৷

দৰঙত বৃহস্পতিবাৰৰ দিনটোত ১৩২ জন ক'ভিডত আক্ৰান্ত
দৰঙত বৃহস্পতিবাৰৰ দিনটোত ১৩২ জন ক'ভিডত আক্ৰান্ত

দৰং,6 মে': দৰঙত বৃহস্পতিবাৰে ১৩২ গৰাকী লোকৰ শৰীৰত ধৰা পৰে ক'ভিড-১৯ ৰ উপস্থিতি । এইসকলক ধৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জিলাখনত ক'ভিডত আক্ৰান্তৰ সংখ্যা ১,৫৭৩ গৰাকীলৈ বৃদ্ধি পাইছে । সম্প্ৰতি জিলাখনত চিকিৎসাধীন হৈ আছে ৮৯৪ গৰাকী ক'ভিড আক্ৰান্ত ব্যক্তি ।

ইয়াৰে ৭৫ জন চিকিৎসালয়ত থকাৰ বিপৰীতে ৮১৭ গৰাকী আক্ৰান্তক ঘৰতে আছুতীয়াকৈ ৰাখিছে জিলাখনৰ স্বাস্থ্য বিভাগে । চিকিৎসালয়ত থকা ক'ভিড আক্ৰান্তসকলৰ ভিতৰত ৩৬ জন মঙলদৈ অসামৰিক চিকিৎসালয়ত আৰু ৩৩ জন জনাৰাম চৌকা আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ বিপৰীতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু জিএনআৰচি হাস্পতালত দুজন, নাৰায়ণা হৃদয়ালয়া আৰু অৰুণা মেম’ৰিয়েল হাস্পতালত এজনকৈ লোক ভৰ্তি হৈ আছে ।

আনহাতে, বৃহস্পতিবাৰৰ দিনটোত জিলাখনত ক'ভিডৰ ৮৩০ টা ৰেপিড এণ্টিজেন টেষ্ট (RAT) সম্পন্ন হৈছে আৰু ১৭৯ টা আৰটিপিচিআৰ (RTPCR) পদ্ধতিৰে নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে ৷

লগতে পঢ়ক : মৰাণত ক'ভিডত আক্ৰান্ত হৈ প্ৰাক্তন ভলীবল খেলুৱৈৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.