ETV Bharat / state

বাঘ নহয়; এইবাৰ কুকলুং দংশীয়াপাৰাত ভালুকৰ আতংক

author img

By

Published : Nov 14, 2021, 10:00 PM IST

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি এটা ভালুকে দংশীয়াপাৰা গাঁৱৰ খেতিপথাৰত সোমাই চলাইছে উপদ্ৰৱ ৷ বিগত চাৰিদিনৰ পৰা বন বিভাগে ভালুক ধৰিবলৈ চেষ্টা চলায়ো বিফল হ'বলগীয়া হৈছে ।

Wild bear creates panic
কুকলুং দংশীয়াপাৰাত ভালুকৰ তাণ্ডৱ

চিৰাং, 14 নৱেম্বৰ : চিৰাঙৰ কুকলুং দংশীয়াপাৰাত ভালুক ধৰিবলৈ বন বিভাগ আৰু গঞাৰ অভিযান । বিগত চাৰিদিনৰ পৰা বন বিভাগে ভালুক ধৰিবলৈ চেষ্টা চলায়ো বিফল হ'বলগীয়া হৈছে । ৰাইজৰ অভিযোগ অনুসৰি, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি ভালুকটোৱে দংশীয়াপাৰা গাঁৱৰ খেতিপথাৰত সোমাই চলাইছে উপদ্ৰৱ ৷

যাৰ বাবে বন বিভাগে বিগত চাৰিদিনৰ পৰাই ভালুক ধৰিবলৈ চেষ্টা চলাই আছে বন বিভাগৰ লগতে স্থানীয় লোকৰ । দীৰ্ঘদিনৰ পৰাই বন্যহস্তীৰ তাণ্ডৱ চলিছিল যদিও কিছুদিনৰ পৰা বন্যহস্তী তাণ্ডৱৰ বিপৰীতে দংশীয়াপাৰা গাঁৱত বৃদ্ধি পাইছে ভালুকৰ উপদ্ৰৱ ৷

কুকলুং দংশীয়াপাৰাত ভালুকৰ তাণ্ডৱ

দেওবাৰে বন বিভাগে ঠায়ে ঠায়ে জাল পাতি জংঘলত অভিযান চলায় যদিও ভালুকটো বিচাৰি নাপায় বন বিভাগৰ লোকে ৷ ফলত ভালুকটো ধৰাত বিফল হয় বন বিভাগৰ লোক ।

লগতে পঢ়ক: Protest Against Price Hike: কংগ্ৰেছৰ জন জাগৰণে উত্তাল কৰিলে ৰাজপথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.